ETV Bharat / bharat

ৰামেশ্বৰম কেফে বিস্ফোৰণ: দুই মাষ্টাৰমাইণ্ডক এনআইএৰ জিম্মালৈ প্ৰেৰণ - Rameswaram Cafe Blast Case

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:26 PM IST

Rameswaram Cafe Blast Case
ৰামেশ্বৰম কেফে বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ডক এনআইএৰ জিম্মালৈ প্ৰেৰণ

Rameswaram Cafe Blast Case: ভুৱা পৰিচয়েৰে পশ্চিমবংগত আত্মগোপন কৰি থকা দুই মাষ্টাৰমাইণ্ডক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় । আদালতে দুয়োকে ১০ দিনৰ এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰে ।

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল : বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ দুই মূল মাষ্টাৰমাইণ্ডক শুকুৰবাৰে আৰক্ষীৰ সহযোগত এনআইএয়ে পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে । দুই অভিযুক্তক এনআইএয়ে শনিবাৰে বেংগালুৰুৰ এখন আদালতত হাজিৰ কৰায় । আদালতে বিস্ফোৰণৰ মূল মাষ্টাৰমাইণ্ড কেইজনক ১০ দিনৰ এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰে ।

এনআইএৰ সূত্ৰৰ মতে বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আব্দুল মাথীন তাহা আৰু আইইডি স্থাপন কৰা মুছাভিৰ হুছেইন শাজেবক শনিবাৰে কোৰামঙ্গলাৰ এনজিভি লেআউটত ন্যায়াধীশৰ ওচৰত হাজিৰ কৰোৱা হয় । সূত্ৰৰ মতে গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা গৈছে যে ধৃত দুয়োজন কেৱল ৰামেশ্বৰ কেফে বিস্ফোৰণেই নহয়, শিৱমোগা ট্ৰেইল বোমা বিস্ফোৰণ গোচৰকে ধৰি বহুতো ঘটনাত জড়িত আছিল ।

এনআইএৰ অনুসন্ধানত প্ৰকাশ পাইছে যে অভিযুক্তসকলে বৈদ্যুতিক সঁজুলি আৰু ডিজিটেল সঁজুলি ব্যৱহাৰ কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল । ইফালে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ থকা মুজামিল শ্বৰীফ আৰু মাজ মুনিৰ অভিযুক্তৰ সৈতে মে'ৰ ঘটনাত জড়িত আছিল । সেয়েহে, গ্ৰেপ্তাৰ কৰাসকলৰ সৈতে জড়িত আন লোকসকলক বিচাৰি উলিয়াব লাগিব । যাৰ বাবে এনআইএৰ বিষয়াসকলে ন্যায়াধীশক তেওঁলোকক ১০ দিনৰ বাবে জিম্মাত দিবলৈ অনুৰোধ কৰিছিল ।

ন্যায়াধীশে এনআইএৰ এই আবেদন গ্ৰহণ কৰে আৰু অভিযুক্তকেইটাক ১০ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে । সম্প্ৰতি অভিযুক্তসকলক মাড়িৱালা টেকনিকেল চেণ্টাৰলৈ লৈ যোৱা হৈছে আৰু বিষয়াসকলে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

সূত্ৰৰ মতে পশ্চিমবংগৰ কলকাতাৰ এখন হোটেলত ভুৱা পৰিচয়েৰে এই গোচৰৰ দুই মূল অভিযুক্তই আত্মগোপন কৰি আছিল । ভুৱা আধাৰ কাৰ্ডেৰে তেওঁলোকে হোটেলৰ কোঠা বুক কৰিছিল । দুয়ো কালাবুৰাগী আৰু মহাৰাষ্ট্ৰৰ থানেৰ যুৱকৰ নামেৰে আধাৰ কাৰ্ড প্ৰস্তুত কৰিছিল । আধাৰ কাৰ্ডত দুয়োৰে ঠিকনা মহাৰাষ্ট্ৰৰ থানে আৰু কালাবুৰাগী চহৰ আছিল ।

লগতে পঢ়ক :পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ড - Rameshwaram Cafe Blast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.