ETV Bharat / bharat

দিল্লী মহিলা আয়োগৰ ২২৩ কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণ - DCW employees removed

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 12:23 PM IST

দিল্লী মহিলা আয়োগৰ ২২৩ কৰ্মচাৰীক অপসাৰণ
দিল্লী মহিলা আয়োগৰ ২২৩ কৰ্মচাৰীক অপসাৰণ

Employees removed from DCW : দিল্লী মহিলা আয়োগত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা গৈছে । লেফটেনেষ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ নিৰ্দেশত 223 গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আঁতৰোৱা হৈছে । অভিযোগ অনুসৰি দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালে নিয়ম উলংঘা কৰি এই নিযুক্তি দিছিল ।

নিউজ ডেস্ক, ২ মে' : দিল্লী মহিলা আয়োগত তীব্ৰ জোকাৰণি । এক উল্লেখযোগ্য ঘটনাক্ৰমত দিল্লী মহিলা আয়োগে কেইবাগৰাকীও কৰ্মচাৰীক চকৰিৰ পৰা অপসাৰণ কৰিছে । এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে দিল্লী মহিলা আয়োগে ইয়াৰ ২২৩ গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ কৰ্মৰ পৰা আঁতৰাই দিছে । অৱশ্যে এই ডাঙৰ পদক্ষেপ গ্ৰহণৰ আঁৰৰ কাৰণো দিয়া হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ নিৰ্দেশতে এই পদক্ষেপ লোৱা হৈছে । তেওঁৰ প্ৰত্যক্ষ হস্তক্ষেপতে দিল্লী মহিলা আয়োগৰ ২২৩ গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ পদবীৰ পৰা অপসাৰণ কৰা হৈছে । এই ক্ষেত্ৰত অভিযোগ উত্থাপিত হৈছে যে দিল্লী মহিলা আয়োগৰ তদানীন্তন অধ্যক্ষ স্বাতী মালিৱালে নিয়ম বিৰুদ্ধভাৱে আৰু নিৰ্দিষ্ট অনুমতি অবিহনে তেওঁলোকক নিযুক্তি দিছিল । যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিবলগা হয় ।

স্বাতী মালিৱাল কোন ? কিয় তেওঁক অভিযুক্ত কৰা হৈছে ?

স্বাতী মালিৱাল হৈছে দিল্লী মহিলা আয়োগৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ । যোৱা জানুৱাৰী মাহত তেওঁক আম আদমী পাৰ্টীৰ তৰফৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয় । তেতিয়াৰে পৰা দিল্লী মহিলা আয়োগত অধ্যক্ষৰ পদটো খালী হৈ আছে । অভিযোগ অনুসৰি, স্বাতী মালিৱাল অধ্যক্ষ হৈ থকাৰ সময়তে নিৰ্দিষ্ট নিয়ম উলংঘা কৰি এই নিযুক্তিসমূহ দিয়া হৈছিল ।

আনহাতে, দিল্লী মহিলা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত স্বাতী মালিৱাল বিভিন্ন বিষয়ত বাতৰিৰ শিৰোনামত আছিল । তেওঁ নাৰী স্বাধীনতা আৰু নাৰীৰ ওপৰত চলা অত্যাচাৰক লৈ সততে সৰৱ হৈ আহিছিল । ইয়াৰ উপৰি তেওঁ কেইবাটাও সাহসিক পদক্ষেপো গ্ৰহণ কৰিছিল । কিন্তু স্বাতী মালিৱালৰ ওপৰত বৰ্তমান যি অভিযোগ উত্থাপিত হৈছে, ভৱিষ্যতে সেয়া কেনে পৰ্যায়লৈ যায় সেইটো লক্ষণীয় হ'ব ।

লগতে পঢ়ক :সুনীতা কেজৰিৱালক সাক্ষাৎ কানহাইয়া কুমাৰৰ - Congress Candidate Kanhaiya Kumar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.