ETV Bharat / bharat

লিফ্ট খহি তামৰ খনিত আৱদ্ধ 14 গৰাকী: উদ্ধাৰ 3 - Lift Collapse In Rajasthan

author img

By ANI

Published : May 15, 2024, 8:06 AM IST

Updated : May 15, 2024, 11:26 AM IST

Kolihan Copper Mine : হিন্দুস্তান কপাৰ লিমিটেডৰ তামৰ খনিত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ যাৰ ফলত ঘটনাস্থলীত আৱদ্ধ হৈ ৰৈছে 14 গৰাকী লোক ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

LIFT COLLAPSE IN RAJASTHAN
লিফ্ট খহি তামৰ খনিত আৱদ্ধ 14 গৰাকী (SOURCE : IANS)

নেশ্যনেল ডেস্ক, 15 মে’: ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ ৰাজ্যখনৰ ঝুনঝুনু জিলাত লিফ্ট খহি পৰাৰ ফলত 14 গৰাকী লোক আৱদ্ধ হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

ঘটনাতো মঙলবাৰে হিন্দুস্তান কপাৰ লিমিটেডৰ তামৰ খনিত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল ৷ বৰ্তমানলৈকে অব্যাহত আছে উদ্ধাৰ অভিযান ৷

ঘটনাস্থলীত ইতিমধ্যে এম্বুলেন্স সেৱাৰ লগতে চিকিৎসক আৰু পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছে, যাতে উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিব পৰা যায় ৷

বিষয় সন্দৰ্ভত স্থানীয় বিজেপি বিধায়ক ধৰ্মপাল গুৰ্জাৰে এনেদৰে কয়, "মই নিৰ্বাচনী প্ৰচাৰৰ বাবে হাৰিয়ানালৈ গৈছিলো ৷ কিন্তু এই দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে লগে লগে ইয়ালৈ আহিছিলো । ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছিলো" ।

সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ লগতে ৬-৭ খনকৈ এম্বুলেন্স মজুত আছে ৷ সমান্তৰালকৈ সমগ্ৰ প্ৰশাসন সতৰ্ক হৈ থকা বুলি বিধায়কগৰাকীয়ে সদৰী কৰে । অৱশ্যে এতিয়ালৈকে কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷ সকলোৱে সুৰক্ষিতভাৱে ওলাই অহাৰ আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

বৰ্তমানলৈকে 14 গৰাকী লোকৰ ভিতৰত 3 গৰাকীক উদ্ধাৰ কৰিছে অভিযানকাৰী দলে ৷ এই কথা সদৰি কৰে উদ্ধাৰ অভিযানৰ নেতৃত্ব বহনকাৰী বিষয়া ড৹ প্ৰবীণ শৰ্মাই ৷ শৰ্মাই সদৰি কৰা অনুসৰি, লিফ্টটোত আছিল কলকাতাৰ খনি বিষয়াসকলৰ এটা ভিজিলেন্স দলৰ লগতে এগৰাকী সাংবাদিক ৷

লিফ্টটো প্ৰায় 1800 ফুট তললৈ বহি যায় ৷ লিফটত থকা ৰছীডাল চিঙি যোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযানকাৰী দলটোৰ মুৰব্বীয়ে প্ৰকাশ কৰিছে ৷ উদ্ধাৰ হোৱা লোককেইজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিগত বৰ্ষত মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হয় এনে এক শোকাৱহ ঘটনা ৷ ৰাজ্যখনৰ বালকুম অঞ্চলৰ এটা ৪০ মহলীয়া অট্টালিকা ৰুণৱাল আইৰিনৰ পৰা লিফ্ট খহি পৰাৰ ফলত মৃত্যু ঘটে ৬ জন শ্ৰমিকৰ ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুজন শ্ৰমিক ৷ আহত শ্ৰমিক দুজনক লগে লগে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক: Lift Collapse Incident In Thane: শোকাৱহ; থানেত লিফ্ট খহি পৰাত ৬ জন লোকৰ মৃত্যু

Last Updated :May 15, 2024, 11:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.