অসম

assam

Water supply scheme: নলবাৰীত জলমিত্ৰ স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

By

Published : Aug 6, 2022, 12:22 PM IST

শুকুৰবাৰে ৰাজ্যৰ পানী যোগান আঁচনিত পূৰ্বে নিয়োজিত স্বেচ্ছাসেৱক সকলক জলমিত্ৰ নামেৰে নামাকৰণ কৰি আৰম্ভ কৰা হয় জলমিত্ৰৰ প্ৰশিক্ষণ(Naming volunteers engaged in water supply schemes with Jalamitra) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীৰ সৰিয়হতলীৰ আই টি চেন্টাৰ চৌহদতো অনুষ্ঠিত হৈছিল জলমিত্ৰৰ প্ৰশিক্ষণ । প্ৰশিক্ষণ সমাপ্তিৰ পিছতে জলমিত্ৰ সকলে এক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত লাভ কৰিব নিযুক্তিপত্ৰ । নিযুক্তিপ্ৰাপ্ত জলমিত্ৰ সকলক দিয়া হ'ব মাহিলী ৬৫০০ টকা । শুকুৰবাৰৰ পৰা ৰাজ্যৰ দহখন জিলাত আৰম্ভ হোৱা চল্লিশজনকৈ জলমিত্ৰৰ সৰ্বমুঠ ৪০০ জন জলমিত্ৰক প্ৰথম প্ৰথম পৰ্যায়ত দিয়া হ'ব প্ৰশিক্ষণ । ৰাজ্যত ২৬ হাজাৰ লোকক জলমিত্ৰ হিচাপে নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (PHE Minister Jayantamalla Barua at nalbari)। মন্ত্ৰী গৰাকীয়ে ২০২৪ৰ ভিতৰত ৬৩ লাখ পৰিয়ালক ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰা হ'ব বুলি মন্তব্য কৰি নতুন জলমিত্ৰ সকলৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক হ'ব বুলি জনায় ।

ABOUT THE AUTHOR

...view details