অসম

assam

ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল ঘিলাধাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈক

By

Published : Sep 22, 2022, 8:55 PM IST

ৰিজাৰ্ভ ক্ল'জ কৰা হ'ল গৃহৰক্ষী জোৱানক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা (Allegedly beaten up a home gaurd) গোলাঘাটৰ ঘিলাধাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক (Ghiladhari OC Reserve Closed) । ইফালে আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক চাকৰিৰ পৰা নিলম্বনৰ দাবী উত্থাপন কৰি প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱান সকলে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে । উল্লেখ্য যে, মঙলবাৰে নিশা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল হৈ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল থানাখনৰে গৃহৰক্ষী বিভাগৰ গাড়ীচালকজনক (Allegation against Ghiladhari OC)। কেৱল সিমানেই নহয় থানাৰ লকআপত আবদ্ধ কৰি গৃহৰক্ষী জোৱানজনক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

...view details