অসম

assam

Kirtikamal Bora fake encounter : আনন্দ মিশ্ৰক তদন্তৰ আওঁতালৈ অনাৰ দাবী উত্থাপন

By

Published : Jul 7, 2022, 10:58 PM IST

চি আই ডিৰ প্ৰতিবেদনে ফাদিল কৰিলে নগাঁও আৰক্ষীৰ ভুৱা এনকাউন্টাৰ (Fake encounter by Nagaon police)৷ চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত সংঘটিত এক ভয়ংকৰ ঘটনাৰ বলি হৈছিল কীৰ্তিকমল বৰা ৷ সেই সময়ত নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আই পি এছ আনন্দ মিশ্ৰই গঠন কৰা এন্টি নাৰ্কটিক স্কোৱাডৰ নেতৃত্ব দিয়া এ বি এছ আই প্ৰদীপ বণিয়াই সোঁ ভৰিত গুলীয়াইছিল কীৰ্তিকমলক (Kirtikamal Bora fake encounter) ৷ ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব দি কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বিৰুদ্ধে ঘোষণা কৰা হৈছিল আয়ুক্ত পৰ্যায়ৰ তদন্ত ৷ প্ৰশাসনিক বিষয়া পৱন বৰঠাকুৰে ঘটনাৰ অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰাৰ পাচত ঘটনাৰ অনুসন্ধানৰ দায়িত্ব দিয়া হয় চি আই ডিক (Probe on Nagaon encounter) ৷ পৱন বৰঠাকুৰৰ প্ৰতিবেদনত কীৰ্তিকমল বৰা নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ পাচতো আনন্দ মিশ্ৰই মানি ল’বলৈ অস্বীকাৰ কৰি বিপৰীত ভাষ্য প্ৰদান কৰিছিল ৷ অৱশেষত চি আই ডিৰ অনুসন্ধানৰ অন্তত পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ সৈতে জড়িত থকাৰ বদনাম জাপি দিব বিচৰা কীৰ্তিকমল বৰা মুক্ত হ'ল বদনামৰ পৰা (Nagaon encounter cid report)। এক কথাত সম্পূৰ্ণ দোষমুক্ত হ'ল আৰক্ষীৰ গুলীত এখন ভৰি নষ্ট হোৱা কীৰ্তিকমল বৰা । ইয়াৰ বিপৰীতে কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনাত জড়িত এ বি এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিট দাখিল কৰিলে চি আই ডি য়ে । আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে চি আই ডিয়ে অভিযোগনামা দাখিল কৰাৰ পিছতেই ৰাজ্যজুৰি পুনৰ চৰ্চা লাভ কৰে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ প্ৰসংগই ।

ABOUT THE AUTHOR

...view details