অসম

assam

অসমত প্ৰথমবাৰৰ বাবে গঁড়ৰ খড়্গ দাহৰ প্ৰস্তুতি

By

Published : Sep 19, 2021, 9:14 PM IST

Updated : Sep 20, 2021, 12:19 PM IST

বোকাখাতত গঁড়ৰ খৰ্গ দাহনৰ প্ৰস্তুতি । ২২ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2479 টা খৰ্গ দহন কৰা হ’ব । অসমৰ বিভিন্ন বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ কৰি কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ 2623 টা খৰ্গৰ ভিতৰত বিভিন্ন আকাৰৰ 94 টা খৰ্গ পুনৰ সংৰক্ষণ কৰি ৰখাৰ লগতে 50 টা খৰ্গ আদালতৰ বিচাৰধীন হৈ থকাৰ বাবে মজুত ৰাখিছে বন বিভাগে । ইয়াৰে 2479 টা খৰ্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বিশাল আয়োজন চলাইছে । বোকাখাত ৰাজহুৱা খেলপথাৰত ৬ টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰি মুঠ 2479 টা খৰ্গ দাহ কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে । ১৯৭৯ চনলৈকে বন বিভাগে গঁড়ৰ খৰ্গ নিলাম কৰাৰ ব্যৱস্থা ৰাখিছিল যদিও ১৯৮০ চনৰ পৰা আজি লৈকে ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষণ কৰি ৰখা খৰ্গ সমূহ দাহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ৷
Last Updated :Sep 20, 2021, 12:19 PM IST

ABOUT THE AUTHOR

...view details