অসম

assam

Manohari Gold tea new records : প্ৰতিকেজিত ৯৯,৯৯৯ টকা দৰত বিক্ৰী হ’ল অসমৰ চাহ

By

Published : Dec 14, 2021, 8:38 PM IST

()
ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাহ উদ্যোগলৈ আহিছে আন এক সু-সংবাদ । চাহ নিলাম কেন্দ্ৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records)। এশ-দুশ নহয় প্ৰতি কেজিত ৯৯,৯৯৯ টকাত চাহ বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়ি অসমৰ চাহ উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিলে মনোহাৰী চাহ বাগিচাই । পূৰ্বৰ দুটাকৈ নিজৰ অভিলেখ ভংগ কৰি তৃতীয়বাৰলৈ মনোহাৰী বাগিচাই গ’ল্ড চাহ ৯৯,৯৯৯ টকাত বিক্ৰী কৰিলে নিলামত(Manohari Gold tea sold for record ammount) । আচৰিত যেন লাগিলেও স্বাভাৱিকতে সেয়াই নিৰ্ঘাট সত্য । উল্লেখযোগ্য যে চাহৰ নিলাম বজাৰত(Gauhati Tea Auction Centre) চাহৰ সৰ্বোচ্চ নিলাম ৯৯,৯৯৯ টকাহে নিৰ্ধাৰণ কৰা আছে । আজি এই সৰ্বোচ্চ পৰিমাণত নিলাম কৰিবলৈ সক্ষম হয় পূৰ্বে দুবাৰকৈ অভিলেখ গঢ়া ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই ।

ABOUT THE AUTHOR

...view details