অসম

assam

চামগুৰিত উচ্ছেদ চলাৰ ইংগিত দিলে মন্ত্ৰী যোগেন মহনে

By

Published : Nov 23, 2021, 10:05 AM IST

ভূমি সংক্ৰান্তীয় সেৱাৰ বাবে "ড'ৰ ষ্টেপ ডেলিভাৰি"(Door step delivery system)ৰ ব্যৱস্থা ৷ সোমবাৰে চামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী যোগেন মহন (Jogen Mahan visited Samaguri Circle Office) ৷ "মিচন বসুন্ধৰা"ৰ অধীনত ৰাজ্যত এই পৰ্যন্ত দুই লক্ষাধিক ভূমি সংক্ৰান্তীয় আবেদন গ্ৰহণ কৰা হৈছে বুলি কয় ৷ শীঘ্ৰেই চামগুৰিতো চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদ কৰাৰ (Eviction in Samaguri) সম্ভাৱনা প্ৰকাশ কৰি মন্ত্ৰী যোগেন মহনে কয় যে, ইতিমধ্যে এই বিষয়ত ৰাজহ চক্ৰ বিষয়াসকলক তথ্য প্ৰেৰণৰ বাবে বিভাগীয় নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ সংৰক্ষিত ভূমিক সাধাৰণ ভূমিলৈ ৰূপান্তৰিত কৰি হ'লেও উচ্ছেদিত থলুৱা ভূমিহীন লোকক ভূমি প্ৰদান কৰা হ'ব আৰু চাহ জনগোষ্ঠীয় ভূমি সংক্ৰান্তীয় কাম-কাজ পৰিচালনা কৰিবলৈ চামগুৰিত বিশেষ কমিটি গঠন কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details