অসম

assam

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈ উঠিছে বাক্সা আৰক্ষী

By

Published : Jan 24, 2022, 1:31 PM IST

কটকটীয়া ক'ভিড প্ৰট'কল মানি গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে অসম (Assam ready to celebrate Republic Day)। শেহতীয়াকৈ ৰাজ্যত ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গণৰাজ্য দিৱসৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা (SOP issued by the Assam State Disaster Management Authority) । ইফালে গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্ত অধিক সষ্টম হৈ উঠিছে অসম আৰক্ষী ৷ ক’ভিডসৃষ্ট পৰিৱেশত ৰাজ্যত এইবাৰ অনুস্তুপিয়াকৈ উদযাপন কৰা হ'ব আগন্তুক গণৰাজ্য দিৱস ৷ ইয়াৰ মাজতেই বাক্সা জিলাতো চলিছে গণৰাজ্য দিৱসৰ উদযাপনৰ প্ৰস্তুতি ৷ যাৰ বাবে ব্যস্ততা বাঢ়িছে বাক্সা জিলাৰ আৰক্ষীৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো অশুভ শক্তিয়ে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মুছলপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে কাহিলী পুৱাৰে পৰা মুছলপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত অব্যাহত ৰাখিছে নিশ্চিদ্ৰ তালাচী অভিযান ৷ এই কথা জানিব দিয়ে মুছলপুৰ সদৰ আৰক্ষী থানাৰ বিষয়া এগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details