অসম

assam

লখিমপুৰৰ পথালি পাহাৰত আছুৰ অৱস্থান ধৰ্মঘট

By

Published : Feb 5, 2022, 2:08 PM IST

দীৰ্ঘদিন ধৰি চলি অহা অসম অৰুণাচল সীমা সমস্যা আৰু অসমৰ ভূমি অৰুণাচলীৰ পৰা দখলমুক্ত কৰাৰ দাবীত শুক্ৰবাৰে লখিমপুৰ জিলাৰ পথালিপাহাৰত আছুৰ খেৰাজখাত সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (AASU protest at Lakhimpur) । লগতে প্ৰতিবাদস্থলীত অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান কৰক, অসমৰ ভূমিত অৰুণাচলীৰ বেদখল শীঘ্ৰে মুক্ত কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আছুৰ খেৰাজখাত সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই স্বাভাৱিক পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ বিষয়বৱীয়া সকলে যদিহে চৰকাৰে এই সমূহ বিষয়ত শীঘ্ৰেই গুৰুত্ব প্ৰদান নকৰে তেন্তে পৰবৰ্তী পৰ্যায়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details