অসম

assam

কপিলীৰ পানীয়ে উটুৱাই নিলে বনৰীয়া হাতীক

By

Published : May 16, 2022, 9:41 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে ইয়াৰ নৈসমূহ। পশ্চিম কাৰ্বি আংলঙত দুৰ্যোগপূৰ্ণ পৰিৱেশ অব্যাহত থকাৰ সময়তে সোমবাৰে বিয়লি কপিলী নৈৰ বুকুৰে এটা বনৰীয়া হাতী উটি যায় (Elephant floats in Kopili river)৷ সোমবাৰে বিয়লি জিলাখনৰ টুম্প্ৰেঙত স্থানীয় লোকে এটা প্ৰকাণ্ড বনৰীয়া হাতী কপিলী নৈৰ বুকুৰে উঠি যোৱা প্ৰত্যক্ষ কৰে । কপিলীৰ বুকুত পানীৰ প্ৰৱল সোঁতৰ ফলত হাতীটো নৈৰ বুকুৰে উটি যায় ৷ নৈখন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷
Last Updated :Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details