অসম

assam

Sankaradeva Sangha Baksa conference: শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ দ্বাদশ বাৰ্ষিক অধিৱেশন আৰম্ভ

By

Published : Jan 22, 2023, 10:34 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বাক্সা জিলাৰ উত্তৰ খানেলীয়াপাৰা শংকৰ-মাধৱ ক্ষেত্ৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ দ্বাদশ সংখ্যক বাৰ্ষিক অধিৱেশন (Sankaradeva Sangha Baksa conference)৷ দিব্যজ্যোতি প্ৰাথমিক শাখাৰ আতিথ্যত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন ৷

অধিৱেশনৰ প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা নামঘৰীয়া কৈলাশ পাঠকে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পাছত শংকৰজ্যোতি প্ৰাথমিক শাখাৰ পৰিচালনাত নাম প্ৰসংগ কৰা হয় ৷  নাম প্ৰসংগৰ অন্তত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা গছপুলি ৰোপন কৰা হয় ৷

অধিৱেশনৰ মূল তোৰণ উদঘাটন কৰে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে (MLA Bhupen Baro)৷ মূলমঞ্চ উদঘাটন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে (BTR speaker Katiram Boro)৷ সেৱা বাহিনীৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে ডাঃ দীপাংকৰ ৰাজবংশীয়ে, জিলা শাখাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে বাক্সা জিলা শাখাৰ উপসভাপতি কৰুনা দাসে ৷

ইয়াৰোপৰি ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে বাক্সা জিলা প্ৰচাৰ শাখাৰ সভাপতি মাণিক দাসে, চিকিৎসা শিবিৰৰ দ্বাৰ উন্মোচন কৰে ডাঃ কুমাৰেশ শৰ্মাই আৰু প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰে বাক্সা জিলা শাখাৰ প্ৰাক্তন উপ-সভাপতি পৰমানন্দ হাজৰিকাই ৷ দুপৰীয়া জিলা কাৰ্যনিৰ্বাহক সভাখন অনুস্থিত হয় আৰু সন্ধিয়া নাম-প্ৰসংগৰে প্ৰথমদিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ সম্পাদক উদ্ধৱ চন্দ্ৰ বৈশ্যই অধিৱেশনৰ আটাইবোৰ কাৰ্যসূচীতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ একান্ত উপস্থিতিৰ লগতে সহায়-সহযোগিতা কামনা কৰিছে ৷

Last Updated :Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details