অসম

assam

Road Mishap: ৰৈ থকা ট্ৰাকৰ তলত সোমাল বলেৰ’ ট্ৰাক

By

Published : Aug 1, 2023, 4:18 PM IST

ৰৈ থকা ট্ৰাকৰ তলত সোমাল বলেৰ’ ট্ৰাক

বিশ্বনাথ, 1 আগষ্ট : গহপুৰৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মঙলবাৰে পুৱাই ৰৈ থকা ট্ৰাকৰ তলত সোমাল এখন বলেৰ’ ট্ৰাক ৷ দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত দুয়োকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাৰ বিৱৰণী মতে, AS 26 C 9028 নম্বৰৰ গুৱাহাটী দিশৰ পৰা লক্ষীমপুৰ অভিমুখী ৰৈ থকা ট্ৰাকত একে দিশৰ পৰা অহা AS 12 CC 0747 নম্বৰৰ মালবাহী বলেৰ’ পিক আপ ভেন এখনে তীব্ৰ গতিত আহি ট্ৰাকখনৰ তলত সোমাই যায় ৷ যাৰ ফলত বলেৰ’ত থকা হেণ্ডিমেন সহ চালকজন গুৰুতৰভাৱে আহত হয় ৷  

উল্লেখ্য যে, বলেৰ’ বাহনখনৰ চালকজন প্ৰায় ডেৰ ঘণ্টা ধৰি গাড়ীৰ ভিতৰতে চেপা খাই আৱদ্ধ হৈ থাকে ৷ পৰৱৰ্তী সময়ত হেলেম আৰক্ষীৰ সহযোগত দুখনকৈ জেচিবিৰে উদ্ধাৰ কৰা হয় আহত লোক দুজনক ৷ 

ABOUT THE AUTHOR

...view details