অসম

assam

Shifting of Rangia Circle office: ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Apr 3, 2023, 8:45 PM IST

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ৰঙিয়া, ৩ এপ্ৰিল: ৰঙিয়াত ৰাইজৰ উত্তাল প্ৰতিবাদ (Public protest in Rangia) ৷ ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় অস্থায়ীভাৱে স্থানান্তৰ কৰাৰ প্ৰতিবাদত ৰাজপথত নামিল অৰ্ধ শতাধিক লোক । প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ নেতৃত্বত শতাধিক লোকে ঘেৰাও কৰিলে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (Public Gherao Rangia Revenue Circle Office) । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।  

মইমতালিৰে একাংশ লোকে ৰঙিয়াৰ মাজমজিয়াৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো অস্থায়ীভাৱে স্থানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে উত্তাল কৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত (Protest against shifting of Rangia Circle office)। ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো হঠাৎ অস্থায়ীভাৱে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ স্থানান্তৰিত কৰিব বিচৰাত স্থানীয় ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

ইপিনে, প্ৰশাসনে উল্লেখ কৰা মতে, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো আওপুৰণি হোৱা হেতুকে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ তথা কৃত্ৰিম বানৰ ফলত বিভাগীয় কাম-কাজ সম্পাদন কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱা বাবে কাৰ্যালয়টো স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ৷  ইয়াৰ বিপৰীতে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে, ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো কেইবাদশক পুৰণি । এই কাৰ্যালয়টোত কোনোদিনে মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে চৰকাৰে । কাৰ্যালয়টোৰ দুৰাৱস্থাৰ বাবে চৰকাৰক জগৰীয়া কৰে প্ৰাক্তন বিধায়ক অনন্ত ডেকাই ।  

লগতে পঢ়ক:Scam in PMAY at Nalbari: ভাংনামাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ

ABOUT THE AUTHOR

...view details