ETV Bharat / state

Scam in PMAY at Nalbari: ভাংনামাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ

author img

By

Published : Apr 3, 2023, 3:47 PM IST

নলবাৰীৰ বৰক্ষেত্ৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতিৰ অঘোষিত প্ৰতিযোগিতা । পঞ্চায়তে পঞ্চায়তে আৱাস যোজনাৰ ধন লুণ্ঠন পঞ্চায়তৰ নেতা-কৰ্মীৰ । ভাংনামাৰীত হিতাধিকাৰীৰ অজ্ঞাতে হৰলুকি আৱাস যোজনাৰ লাখ লাখ টকা (Corruption in Barakhetri Development Block)। দুৰ্নীতিৰ বিৰুদ্ধে দায়সৰা মন্তব্য খণ্ড উন্নয়ন বিষয়াৰ ।

Scam in PMAY at Barkhetri
বৰক্ষেত্ৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতি

বৰক্ষেত্ৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতি

নলবাৰী : ৩ এপ্ৰিল: নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে চৰম দুৰ্নীতি (Scam in PMAY at Barkhetri)। হিতাধিকাৰীৰ অজ্ঞাতে হৰলুকি হৈ আছে চৰকাৰী আঁচনিৰ লাখ লাখ টকা । বৰক্ষেত্ৰীত ইখনৰ পিছত সিখন পঞ্চায়তত চলিছে দুৰ্নীতিৰ অঘোষিত প্ৰতিযোগিতা । দুৰ্নীতিৰ সকলো অভিলেখ ভংগ কৰি চৰকাৰী আঁচনিৰ ধন হৰলুকিত নামিছে পঞ্চায়ত সভানেত্ৰী আৰু সচিব । নিতৌ সংঘটিত হৈ আছে এই দুৰ্নীতি । তথাপি যেন গা নলৰে জিলা প্ৰশাসনৰ ।

সমষ্টিটোৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ প্ৰতিখন পঞ্চায়ততে যেন এতিয়া হিতাধিকাৰী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ (Allegation of scam in PMAY at Nalbari)। কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন ঘৰ সম্পূৰ্ণ নিৰ্মাণ হোৱাত নিৰ্মাণ মজুৰি হিচাপে পাব লগা ধন সৰকাই আছে পঞ্চায়ত সভানেত্ৰী আৰু সচিবে । মজুৰিৰ নামত পাব লগা ২১,৭৫৫ টকা হিতাধিকাৰীৰ অজ্ঞাতে পঞ্চায়ত সভানেত্ৰীয়ে লুটি থকাৰ অভিযোগ উত্থাপিত হৈছে । এইবাৰ ৬৪ নং ভাংনামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতাজ খাতুন আৰু সচিব ফৰিদ আলীয়ে মিলি লুটিলে দৰিদ্ৰৰ প্ৰাপ্য ধন ।

আৱাসৰ মজুৰিৰ হিতাধিকাৰীয়ে জৱ কাৰ্ডৰ যোগেদি পাব লগা ধন ২১,৭৫৫ টকাকৈ সৰকাই আছে সভানেত্ৰী আৰু সচিবে । ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে বঞ্চিত হিতাধিকাৰীৰ মাজত । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে কিছুমান ভুৱা হিতাধিকাৰী সজাই এই দুই দালাল ৰূপী কৰ্মচাৰীয়ে সৰকাই আহিছে বৃহৎ পৰিমাণৰ ধন ।

বৰক্ষেত্ৰীৰ পঞ্চায়ত সমূহত চলি থকা দুৰ্নীতিৰ বাতৰি নিতৌ সম্প্ৰচাৰ হৈ থকাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই জিলা প্ৰশাসনে । ইপিনে, বৰক্ষেত্ৰীত চলি থকা লুণ্ঠনৰাজৰ বিষয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন কৰাত খণ্ড উন্নয়ন বিষয়া লীনা হাজৰিকাৰ দায়সৰা মন্তব্য আগবঢ়ায় । তেওঁ হেনো এলেকাটো বৃহৎ হোৱা বাবে একো গমকে নাপায় । বৰক্ষেত্ৰীৰ পঞ্চায়তে পঞ্চায়তে চলি থকা দুৰ্নীতিৰ তথ্য একো নোপোৱা বুলি তেওঁ মন্তব্য় কৰে ।

ভুৱা হিতাধিকাৰীৰ জব কাৰ্ড কম্পিউটাৰত ভেৰিফিকেশ্বন কৰাৰ পিছতহে সকলো কথা সদৰী কৰিব বুলি দায়সৰা মন্তব্য কৰে খণ্ড উন্নয়ন বিষয়া লীনা হাজৰিকাই । প্ৰকৃততে বাতৰি সম্প্ৰচাৰ যোগেদিয়েই হওক বা হিতাধিকাৰীৰ অভিযোগ মৰ্মে হওক এইসকল বিষয়াই সকলো জানিও নীৰৱ ভূমিকা পালন কৰাত সন্দেহ উপজিছে স্থানীয় লোকসকলৰ মাজত ।

লগতে পঢ়ক:Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ, পাঁচগৰাকী চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.