অসম

assam

HSLC Question paper leak: চৰকাৰ নে চাৰ্কাছ ? এই প্ৰশ্নৰে প্ৰশ্ন কাকত বাতিলক লৈ উত্তাল ডিব্ৰুগড়

By

Published : Mar 17, 2023, 12:05 PM IST

প্ৰশ্নকাকত ফাদিল ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড় উত্তাল প্ৰতিবাদ

মৰাণ,১৭ মাৰ্চ: এখনৰ পাছত আন এখন প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে(Assam HLSC paper leaked)। বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পাছতেই অসমীয়া প্ৰশ্নকাকত ফাদিলৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছত অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰিলে শিক্ষা বিভাগে(HSLC Exam Assamese Question Paper Leaked) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা ৰাজহুৱা কৰাৰ পাছতেই ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ(CM Himanta Biswa Sarma Tweet) ।  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়তো সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(Protest against HLSC paper leaked in Dibrugarh) । শ শ পৰীক্ষাৰ্থী আৰু অভিভাৱকক লগত লৈ শুকুৰবাৰে ডিব্ৰুগড় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।  

আৰক্ষীৰ প্ৰৱল বাধাকো ওফৰাই আছু কৰ্মীসকলে চহৰখনৰ চৌকিডিঙ্গি চাৰিআলিত শিক্ষা মন্ত্ৰী মুৰ্দাবাদ শ্লোগানেৰে দাহ কৰে তিনিওৰে প্ৰতিমূৰ্তি । প্ৰতিবাদী কাৰ্যসূচীৰ সময়চোৱাত আৰক্ষী আৰু আছু কৰ্মীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা শিক্ষা মন্ত্ৰী ৰনোজ পেগুক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী আছু কৰ্মীসকলে ।

লগতে পঢ়ক:Road accident in Bongaigaon: অভয়াপুৰীত সংঘটিত দুখন বাহনৰ মুখামুখী সংঘৰ্ষত এজন নিহত

ABOUT THE AUTHOR

...view details