অসম

assam

চিৰাঙত PMAY ৰ ৩২,৬২০ টা গৃহ নিৰ্মাণ

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:07 PM IST

চিৰাং গ্ৰামোন্নয়ন প্ৰকল্প সঞ্চালকৰ সংবাদমেল

চিৰাং, ৬ নৱেম্বৰ:চিৰাং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত বিগত ২০১৬ৰ পৰা বৰ্তমানলৈকে মুঠ ৩২,৬২০ টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । আনহাতে ১৪,৪০৩ টা নিৰ্মিয়মান অৱস্থাত আছে । ইয়াৰ ভিতৰত বিগত ৩০ মাহতে জিলাখনত ২৫,৩৫২ টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে । গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভাই জিলাখনত ৰূপায়িত হৈ থকা প্ৰধান মন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ আঁচনিৰ অগ্ৰগতি সম্পৰ্কে  আজি এইদৰে সদৰী কৰে । বুধবাৰে কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত প্ৰকল্প সঞ্চালকগৰাকীয়ে এই বিষয়ে ব্য়াখ্যা কৰে ।

তেওঁ কয় যে জিলাখনত ৪৭,০২৩ টা গৃহ নিৰ্মাণৰ অনুমোদন লাভ কৰা হৈছিল । সঞ্চালকগৰাকীয়ে উল্লেখ কৰা মতে, বড়োবজাৰ উন্নয়ন খণ্ডত অনুমোদিত ১৯,০০২ টা গৃহৰ ভিতৰত ১৩,২৮২ টা সম্পূৰ্ণ হৈছে । আনহাতে, ৫৭২০ টা নিৰ্মিয়মান অৱস্থাত আছে । ইপিনে,মাণিকপুৰত অনুমোদিত ৮১৭৭ টাৰ বিপৰীতে সম্পূৰ্ণ ৬৫০৭ টা, নিৰ্মিয়মান ১৬৭০টা আৰু চিদলী-চিৰাং উন্নয়ন খণ্ডত অনুমোদিত ১৯,৮৪৪ টাৰ সম্পূৰ্ণ হৈছে ১২,৮৩১ টা আৰু  নিৰ্মিয়মান অৱস্থাত আছে ৭০১৩ টা ।  

যোৱা  ২০২১ৰ মে'ৰ পৰা আজিলৈ বড়োবজাৰত ১০,৯৯৪ টা, মাণিকপুৰত ৫৫৮১ টা আৰু চিদলী-চিৰাঙত ৮৭৭৭ টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে । আনহাতে, অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে চিৰাং জিলাত আৱাস প্লাছ আঁচনিৰ অধীনত নতুনকৈ ১,৩৮০ টা গৃহ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰি তেওঁ ৫৪৬ টা গৃহ নিৰ্মাণৰ বাবে ইতিমধ্যে অনুমোদন লাভ কৰা বুলি কয় । আজিৰ সংবাদ মেলত জিলা অতিৰিক্ত আয়ুক্ত ৰিংখং মুছাহাৰী, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া ৰবিন বৰুৱাও উপস্থিত থাকে ।

লগতে পঢ়ক:বেলতলাত চোৰ নহয় চুৰুণীৰ ত্ৰাস

ABOUT THE AUTHOR

...view details