অসম

assam

টীয়কৰ ঔগুৰিত নৃশংস হত্যাকাণ্ড

By

Published : Aug 25, 2022, 2:10 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

যোৰহাট জিলাৰ টীয়কৰ ভগামুখ(Brutal murder at Bhaganukh in Jorhat)আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰাচোৱা চুমৈমৰাত বুধবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। গাঁওখনৰ পিতনিত অনন্ত বৰুৱা ওৰফে ভাইকণ নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় । পিছত স্থানীয় ৰাইজে ভগামুখ আৰক্ষীক এইবিষয়ে অৱগত কৰে । কিছুসময় পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ(Jorhat Medical College)প্ৰেৰণ কৰে । আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ঘটনাৰ তদন্ত কৰি যোৱা নিশা পাঁচজন যুৱকক আটক কৰে । ধৃত অভিযুক্ত কেইজনে আৰক্ষীৰ তদন্তত একে গাঁৱৰে মধু গগৈ নামৰ যুৱকজনে নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰে । অৱশ্য়ে কি কাৰণত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেইবিষয়ে জানিব পৰা হোৱা নাই । ইপিনে, এই ঘটনাৰে অন্য কোনো লোক জড়িত থকাৰ সন্দেহ কৰি স্নিফাৰ ডগ ঘটনাস্থলীলৈ আনি আৰক্ষীয়ে তদন্ত কৰি আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।
Last Updated :Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details