অসম

assam

Child kidnap in Guwahati: মাতৃৰ কাষৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি আঢ়ৈ বছৰীয়া শিশু

By

Published : Aug 5, 2022, 2:29 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

()
মহানগৰীৰ ভৰলুমুখত চাঞ্চল্যকৰ ঘটনা । মাতৃৰ কাষৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি আঢ়ৈ বছৰীয়া শিশু (Child kidnapping Case in Guwahati) ৷ বৃহস্পতিবাৰে ভৰলু শ্লুইছ গেটৰ সমিপত দিন দুপৰতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ ধুবুৰীৰ মজিৰন বিবি নামৰ মহিলাগৰাকীয়ে ভৰলুমুখ, কুমাৰপাৰা আদি স্থানত ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা মাতৃৰ পৰা সন্তানটোক কাঢ়ি নিয়াত হিয়া ঢাকুৰি কান্দিছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে। উল্লেখ্য যে, স্কুটাৰেৰে অহা দুই ৰ্দুবৃত্তই শিশুটি কোল্ড ড্ৰিং খাবলৈ দিয়ে আৰু তাৰ পিছতে শিশুটিক লৈ সেই স্থানৰ পৰা উধাও হয় । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত মাতৃয়ে ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ শিশুটিৰ কোনো শুং সূত্ৰ পোৱা নাই।
Last Updated :Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details