উত্তৰ-পূৱত নতুনকৈ গঠন হ'ল North East sports foundation - NESF Felicitated player

By ETV Bharat Assamese Team

Published : May 5, 2024, 6:51 PM IST

thumbnail
নৰ্থ ইষ্ট স্প'ৰ্টছ ফাউণ্ডেচন (ETV BHARAT ASSAM)

গুৱাহাটী, ৫মে': উত্তৰ-পূ্ৰ্বাঞ্চলত নতুনকৈ গঠন হ'ল নৰ্থ ইষ্ট স্প'ৰ্টছ ফাউণ্ডেচন নামৰ এটি সন্থা । অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত গঠন হ'ল নৰ্থ ইষ্ট স্প'ৰ্টছ ফাউণ্ডেচন । উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া জগতত নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে এই ফাউণ্ডেচন গঠন কৰা বুলি মন্তব্য় কৰিছে সম্পাদক মুকুট মেধিয়ে ।

তেওঁ কয় যে ৰাজ্য়ৰ খেলুৱৈসকলক বিশ্বৰ দৰবাৰত অধিক মনোবলেৰে আগুৱাই নিয়াৰ উদ্দেশ্যে নৰ্থ ইষ্ট স্প'ৰ্টছ ফাউণ্ডেচন গঠন কৰা হৈছে । এই সন্থাৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে ৰাজকুমাৰ মেঘনে । আনহাতে,সন্থাৰ সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আফজৰ হাজৰিকাক ।  

আজিৰ অনুষ্ঠানতেই নৰ্থ ইষ্ট স্প'ৰ্টছ ফাউণ্ডেচনে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে লন বল খেলুৱৈ বনগীতা হাজৰিকাক। উল্লেখ্য় যে, থাইলেণ্ডত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত লন বল খেলত সোণত পদক অৰ্জন কৰিছিল অসম খেলুৱৈ বনগীতা হাজৰিকাই । লন বল খেলুৱৈ বনগীতা হাজৰিকা সম্বৰ্ধনা গ্ৰহণ কৰি কয়,"আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ খেলিছো । এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম সোণৰ পদক লাভ কৰিছো ।" 

লগতে পঢ়ক:মহিলা T-২০ বিশ্বকাপ ২০২৪ৰ সূচী প্ৰকাশ আই চি চিৰ - WOMENS T20 WC

ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ'ত স্বৰ্ণ জয় অসমৰ নিশামণি বৰাৰ - Windsurfing Championship In Goa

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.