অসম

assam

Mid day meal workers protest: ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:20 PM IST

Mid day meal workers protest

ধুবুৰী, 1 নৱেম্বৰ:ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰীতো জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ উদ্যোগতো বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চি আই টি ইউৰ সহযোগত জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ । বিভিন্ন বিদ্যালয়ত ৰন্ধনকাৰ্যত নিয়োজিত শতাধিক মহিলাই হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী হায় হয় আদি চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ধুবুৰীৰ আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয় ।  

এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ জৰিয়তে অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিকে ধৰি পাঁচ দফীয়া দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ।  

উল্লেখ্য যে, মাহিলী মাননি ১৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে বৃদ্ধি কৰাকে ধৰি একাধিক দাবীৰ ভিত্তিত ৰন্ধনকৰ্মী সকলে দীর্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে আজিলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই । চৰকাৰে দাবী পূৰণ নকৰিলে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ ৰন্ধন কৰ্মচাৰী সন্থাৰ ।  

লক্ষণীয় বিষয় যে, মাহত ১৫০০ টকা অৰ্থাৎ প্ৰতিদিনে মাত্ৰ ৫০ টকাৰ বিনিময়ত মহিলাসকলে নিজৰ ঘৰৰ যাৱতীয় কাম পেলাই থৈ পুৱাৰে পৰা বিয়লিলৈকে বিদ্যালয়ৰ ৰান্ধনী শালত ব্যস্ত হৈ থকাৰ লগতে বিদ্যালয়ৰ চকীদাৰৰ দায়িত্বও পালন কৰিব লগীয়া হয় । যি সময়ত এজন শ্ৰমিকৰ প্ৰতিদিনৰ হাজিৰা হৈছে ৩০০ ৰ পৰা ৫০০ টকালৈকে, তেনে সময়তে দিনটো ৰান্ধনিশাল আৰু বিদ্যালয়ৰ অন্যান্য কামত জড়িত হৈ থাকি মাত্ৰ ৫০ টকাহে পাই আহিছে ৰান্ধনীসকলে ।

লগতে পঢ়ক:MLA Mrinal Saikia: নিকৃষ্ট ভূপেন, উৎকৃষ্ট কোন !

ABOUT THE AUTHOR

...view details