অসম

assam

Mid day meal worker protest: মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদত উত্তাল মহানগৰী

By

Published : Mar 6, 2023, 8:21 PM IST

মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদ

গুৱাহাটী,৬ মাৰ্চ:মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদত পুনৰ উত্তাল হৈ পৰিল গুৱাহাটী মহানগৰী । মধ্যাহ্ন ভোজন ৰান্ধনীৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ লগতে আন কেইবাটাও দীর্ঘদিনীয়া জ্বলন্ত সমস্যা সমাধানৰ দাবী জনাই সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকা সন্থাৰ উদ্য়োগত সোমবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Mid Day Meal worker protest in Guwahati)। 

পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৰান্ধনীসকলৰ মাননী বৃদ্ধি কৰক,ৰান্ধনীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক, অসম চৰকাৰ গ'বেক আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে (All Assam Mid Day Meal workers Association) । তেওঁলোকে প্ৰাপ্য়ৰ বাবে প্ৰয়োজনত ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে অসমৰ প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত কৰ্মৰত ১,১৮,৯৯৮ গৰাকী ৰান্ধনী-সহায়িকাৰ মাননী ১৫০০ টকাৰ পৰা ৯০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায় । তেওঁলোকে চাৰি মাহৰ বকেয়া ধন অতি শীঘ্ৰে মুকলি কৰা,ৰান্ধনী-সহায়িকাসকলক পেঞ্চন আৰু মেডিকেল আদিৰ  সুবিধা প্ৰদান কৰা,মধ্যাহ্ন ভোজন আঁচনিখন কোনো কাৰণতে যাতে বে-চৰকাৰী সংস্থাক নিদিয়ে চৰকাৰে তাৰ নিশ্চয়তা প্ৰদান কৰা, ৰান্ধনীসকলক স্থায়ী কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰিবলৈও দাবী জনায় ।

লগতে পঢ়ক:Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details