ETV Bharat / bharat

Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Mar 6, 2023, 7:34 AM IST

Updated : Mar 6, 2023, 7:54 AM IST

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শপত ল’বলৈ সাজু হৈছে শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা পূৰ্বোত্তৰৰ তিনিখন ৰাজ্যৰ নৱ নিৰ্বাচিত চৰকাৰে ৷ 7 মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত হ’ব শপত গ্ৰহণ ৷ ত্ৰিপুৰা চৰকাৰে শপত ল’ব 8 মাৰ্চত ৷ অমিত শ্বাহৰ দিল্লীস্থিত বাসগৃহত চৰকাৰ গঠন সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰী শৰ্মা-ৰিঅ’ (BJP important meeting at Amit Shah residence) ৷

Govt formation in NE states
Assam CM Sarma meets Amit Shah

নিউজ ডেস্ক, 6 মাৰ্চ: ত্ৰিপুৰা আৰু নাগালেণ্ডত চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰাৰ বাবে দেওবাৰে নতুন দিল্লীত অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এক বিশেষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ও উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত (Assam CM met Amit Shah) ৷

ইয়াতেই উত্তৰ-পূবৰ নাগালেণ্ড আৰু ত্ৰিপুৰা দুয়োখন ৰাজ্যত চৰকাৰ গঠন সম্পৰ্কে আলোচনা কৰাৰ লগতে কেবিনেটৰ ৰূপৰেখা তৈয়াৰ কৰা হয় ৷ অমিত শ্বাহৰ উপৰিও উক্ত বৈঠকত উপস্থিত থাকে গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু আন কেইবাজনো জ্যেষ্ঠ নেতা (Govt formation in NE states) ৷

‘‘এই বৈঠকৰ মূল বিষয় আছিল ত্ৰিপুৰাত চৰকাৰ গঠন ৷ ৰাজ্যখনৰ একাংশই মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাক পুনৰ সেই আসনত অধিষ্ঠিত হোৱাতো বিচাৰে যদিও আন একাংশই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকৰ নাম উপস্থাপন কৰিছে ৷’’ সূত্ৰটোৱে জনায় ৷ পূৰ্বোত্তৰৰ তিনিখন ৰাজ্যল ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ সদ্য সমাপ্ত নিৰ্বাচনত ত্ৰিপুৰাত পুনৰ শাসনলৈ আহে বিজেপি দল (Tripura assembly poll result 2023) ৷

নাগালেণ্ডতো নেচনেল ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টী চমুকৈ NDPP ৰ মিত্ৰদল হিচাপে পুনৰ চৰকাৰৰ অংশীদাৰ হ’বলৈ ওলাইছে গেৰুৱা দলটো ৷ নিৰ্বাচনত পৃথকে পৃথকে অৱতীৰ্ণ হ’লেও মেঘালয়ত পুনৰ কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপলচ্ পাৰ্টী চমুকৈ NPP ৰ সৈতে মিত্ৰতা কৰিছে দলটোৱে (Nagaland assembly poll result 2023) ৷

লগতে পঢ়ক: Conrad Sangma to form govt: অনিশ্চয়তাৰ অৱসান; মেঘালয়ত পুনৰ হ’ব কনৰাড চাংমাৰ চৰকাৰ

শনিবাৰে, ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্জীয়ে কয় যে, অহা 8 মাৰ্চত হ’ব লগীয়া ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা উপস্থিত থাকিব ৷ ‘‘আমাৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অহা 8 মাৰ্চত অনুষ্ঠিত হ’ব ৷ প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এই অনুষ্ঠাত অংশ গ্ৰহণ কৰিব ৷ দেশৰ ভিন্ন স্থানৰ লোক সেইদিনা হোলী খেলিবলৈ ত্ৰিপুৰালৈ আহিব ৷’’ ভট্টাচাৰ্জীয়ে কয় (Oath ceremony of Tripura govt) ৷

শেহতীয়া নিৰ্বাচনত ত্ৰিপুৰাত IPFT দলৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজেপি ৷ গেৰুৱা দলটোৱে ৰাজ্যখনত 32 খন আসন লাভ কৰাৰ লগতে মুঠ জনমতৰ হাৰ আছিল 39 শতাংশ ৷ ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যে সদৰী কৰিছে এই তথ্য ৷ অৱশ্যে পূৰ্বতকৈ আসনৰ সংখ্যা হ্ৰাস পাইছে বিজেপিৰ ৷ লগতে হ্ৰাস পাইছে জনমতৰ হাৰ ৷ 2018 চনৰ নিৰ্বাচনত ত্ৰিপুৰাত বিজেপিয়ে লাভ কৰিছিল 36 খন আসন আৰু IPFT য়ে লাভ কৰিছিল 8 খন আসন ৷ বিজেপিৰ প্ৰতি জনমতৰ হাৰ আছিল 43.59 শতাংশ ৷ কিন্তু এইবাৰ দেখা গ’ল বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পালে 4 খন আৰু IPFT ৰ আসনৰ সংখ্যা হ্ৰাস পালে 7 খন (BJP winning seats in Tripura election 2023) ৷

লগতে পঢ়ক: Assembly election 2023: 8 মাৰ্চত ত্ৰিপুৰাত শপত গ্ৰহণ; মেঘালয়ত চৰকাৰ গঠনক লৈ অনিশ্চয়তা

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত নতুনকৈ খোজ দিয়া টিপ্ৰা মঠা দলে 13 খন আসন লাভ কৰাৰ বিপৰীতে CPI(M) দলে লাভ কৰে 11 খন আসন ৷ বাওঁ দলটোৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলা কংগ্ৰেছে ত্ৰিপুৰাত লাভ কৰে 3 খন আসন ৷ দেখা গৈছে যে, CPI(M) দলে 2018 চনৰ নিৰ্বাচনত 16 খন আসন লাভ কৰিছিল যদিও এইবাৰ তেওঁলোকৰো আসনৰ সংখ্যা হ্ৰাস পালে 5 খন ৷

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰা মতে, 7 মাৰ্চ মঙলবাৰে চতুৰ্থবাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেফিঅ’ ৰিঅ’ই ৷ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগতে বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলক এই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ কথাও ড৹ শৰ্মাই টুইটটোত উল্লেখ কৰে ৷ একেদিনাই মেঘালয়তো কনৰাড চাংমা চৰকাৰে শপত গ্ৰহণ কৰিব দিনৰ 11 বজাত ৷ কনৰাড চাংমাৰ NPP দলৰ সৈতেও চৰকাৰৰ সহযোগী হৈ থাকিব বিজেপি ৷ সেই অনুষ্ঠানলৈও প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বক আমন্ত্ৰণ জনোৱা হৈছে ৷

Last Updated : Mar 6, 2023, 7:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.