অসম

assam

Jal Jeevan Mission: টীয়কৰ এজাৰগুৰিত প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি জল জীৱন মিছন ফ্লপ শ্ব’লৈ পৰিণত

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:16 PM IST

জল জীৱন মিছন ফ্লপ শ্ব'লৈ পৰিণত

টীয়ক, 10 অক্টোবৰ : ‘হৰ ঘৰ জল হৰ ঘৰ নল’ শ্ল’গানেৰে সমগ্ৰ দেশতে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ অৰ্থে খোৱাপানীৰ আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে । এই আঁচনিয়ে ইতিমধ্য বহু অঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে যদিও অঞ্চল ভেদে আজিও বিভাগীয় কৰ্তৃপক্ষ নতুবা ঠিকাদাৰৰ অমনোযোগিতাৰ বাবেই বহু অঞ্চলত এই পৰ্যন্ত পানী যোগান আঁচনিয়ে প্ৰভাৱ পেলাব পৰা নাই ।

এইয়া টীয়কৰ এজাৰগুৰি অঞ্চলত স্থাপন কৰা জল জীৱন মিছনৰ প্ৰকল্প । আজি দুটা বছৰে সম্পূৰ্ণ নহ’ল আঁচনিখনৰ ৩০% কাম । ন্যূনতম তথা ত্ৰুটিপূৰ্ণ কাম কৰিয়েই ঠিকাদাৰে ইতিমধ্যে পলায়ন কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে । ইপিনে ঘৰে ঘৰে নল পুতি পথাৰ বাৰীত দ দ গাঁত খন্দাৰ ফলত অসুবিধাত পৰিছে ৰাইজ ৷

বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰ অনভিজ্ঞতাৰ বাবে ৰাইজে আজিও পোৱা নাই বিশুদ্ধ খোৱাপানী যাৰ ফলত আজিও জাঁজী নদীৰ পানী, টিউবেলৰ আইৰনযুক্ত পানী খাই ৰাইজে জীৱন অতিবাহিত কৰিছে । সেয়ে অনতি পলমে উক্ত আঁচনিখন সম্পূৰ্ণ কৰি ৰাইজক উপকৃত কৰিবলৈ চৰকাৰক দাবী জনাইছে এইসকল গঞা ৰাইজে । অন্যথা উক্ত প্ৰকল্পৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক :Jal Jeevan Mission corruption:বিলাসীপাৰাত "ঘৰ ঘৰ নল, ঘৰ ঘৰ জল" শ্ল’গান পৰিণত হৈছে ফ্লপ শ্ব’ত

ABOUT THE AUTHOR

...view details