Jal Jeevan Mission corruption:বিলাসীপাৰাত "ঘৰ ঘৰ নল, ঘৰ ঘৰ জল" শ্ল’গান পৰিণত হৈছে ফ্লপ শ্ব’ত

By

Published : Aug 1, 2023, 4:27 PM IST

thumbnail

বিলাসীপাৰা, 1 আগষ্ট : পশ্চিম বিলাসীপাৰাৰ সোনাময়ী প্ৰথম খণ্ড গাঁৱত জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ফত্থাপন হৈছে ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে ৷ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি লাখ লাখ টকা লুণ্ঠন কৰিলে বুলি ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে ৰাইজে অভিযোগ আনিছে ।  ঠিকাদাৰ আনোৱাৰ হুছেইন আৰু কনিষ্ঠ অভিযন্তা অংশুমান শৰ্মাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ।

পশ্চিম বিলাসীপাৰাত জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সোনাময়ী গাঁও পঞ্চায়তৰ অন্তৰ্গত সোনাময়ী প্ৰথম খণ্ড গাঁৱত ১ কোটি ৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা পানী যোগান আঁচনিৰ নিৰ্মাণৰ কামত ঠিকাদাৰ আনোৱাৰ হুছেইন আৰু কনিষ্ঠ অভিযন্তা অংশুমান শৰ্মাই বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । চাবলৈ গ’লে বিলাসীপাৰাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "ঘৰ ঘৰ নল, ঘৰ ঘৰ জল" শ্ল’গান কাৰ্যত এক ফ্লপ শ্ব’ত পৰিণত হৈছে ।

বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ একাংশ পঞ্চায়তে পঞ্চায়তে বিশুদ্ধ খোৱা পানী যোগান আঁচনি নিৰ্মাণৰ কামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি । এইয়া হৈছে সোনাময়ী গাঁও পঞ্চায়তৰ অন্তৰ্গত সোনাময়ী প্ৰথম খণ্ড গাঁৱত নিৰ্মাণ হৈ থকা খোৱা পানীৰ যোগান আঁচনি । আঁচনিটোত প্ৰায় ১ কোটি ৪ লাখ টকাৰ আৱন্টন দিছিল চৰকাৰে । কামৰ দায়িত্ব লাভ কৰিছিল ঠিকাদাৰ আনোৱাৰ হুছেইনে । ঘৰটোৰ নিৰ্মাণ ক্ষেত্ৰত ঠিকাদাৰ অভিযন্তাই ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰি অতি নিম্ন মানৰ চিমেণ্ট আৰু ৰদ ব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

৫ মাহৰ পৰা কামটো বন্ধ হৈ থকাৰ কাৰণো ৰাইজে নাজানে ৷  জহি খহি গৈছে উক্ত আঁচনিৰ কাম । এই ক্ষেত্ৰত এই দুৰ্নীতিপৰায়ণ ঠিকাদাৰ আনোৱাৰ হুছেইন আৰু কনিষ্ঠ অভিযন্তা অংশুমান শৰ্মাৰ বিৰুদ্ধে কি ব্যবস্থা গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেইয়াহে লক্ষণীয় হ’ব ?

লগতে পঢ়ক : Jal Jeevan Mission: জোনাইত প্ৰহসনত পৰিণত হৈছে জল জীৱন আঁচনি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.