অসম

assam

অসম আৰক্ষীত নিযুক্তি লাভ কৰা কুমাৰ সন্যাসীক সম্বৰ্ধনা

By

Published : Sep 20, 2022, 6:21 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ সীমান্তৰ কাৰ্বি আংলঙৰ ৰঙাগৰাত আনন্দমুখৰ পৰিৱেশ । ৰাস্তা-ঘাট, স্বাস্থ‍্য, শিক্ষা, খোৱাপানী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰঙাগৰাৰ চাৰ্পো বে' গাঁৱত ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । এই আনন্দৰ কাৰণ অঞ্চলটোৰ যুৱক কুমাৰ সন্যাসী । কিয়নো সদ‍্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত (Assam police recruitment 2022) উত্তীৰ্ণ হৈছে অতি পিছপৰা অঞ্চলটোৰ যুৱকজন (Kumar Sanyasi passed SI exam)। অতি নগন্য সংখ্যক চৰকাৰী চাকৰিয়াল থকা অঞ্চলটোৰ পৰা কুমাৰে অসম আৰক্ষীত নিযুক্তি লাভ কৰাৰ লগে লগে আনন্দিত অঞ্চলটোৰ ৰাইজ । নিযুক্তি লাভ কৰা কুমাৰ সন‍্যাসীয়ে শিক্ষাগ্ৰহণ কৰা বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলো আনন্দিত হৈ উঠিছে । প্ৰাক্তন ছাত্ৰ সন্যাসীক ৰঙাগৰা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ।
Last Updated :Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details