অসম

assam

পানী এৰিলে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই

By

Published : May 13, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼৰ সোঁমাজেৰে বৈ যোৱা বৰাপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি । যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ(Karbi Langpi Hydro Electric Project) নদীবান্ধৰ ওপৰ অংশত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে নদীবান্ধৰ ৪ খনকৈ শ্লুইচ গেট খুলি দিছে জলবিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষই । এতিয়াও ২,৩, ৪ আৰু ৫ নং শ্লুইচ গেট খুলি ৰাখিছে কৰ্তৃপক্ষই । জলপৃষ্ঠ বৃদ্ধিৰ ফলত বৰাপানী নদীৰ বাঢ়নী পানীয়ে ন ন অঞ্চল বুৰাই পেলোৱাৰ সম্ভাৱনা থকাৰ ফলত নদীকাষৰীয়া অঞ্চলৰ ৰাইজক সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই ।
Last Updated :Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details