অসম

assam

JJM water pipe bursts: বৰষুণ নোহোৱাকৈয়ে নগাঁৱৰ ৰাস্তা বুৰিল পানীত

By

Published : Aug 18, 2023, 8:23 PM IST

হাহাকাৰ অৱস্থা

নগাঁও, 18 আগষ্ট :জলজীৱনৰ পাইপ ফুটি জলমগ্ন নগাঁও চহৰৰ বৃহত্তৰ এলেকা ৷ অকস্মাতে ৰাস্তাত ধপধপনি অনুভৱ কৰি ভীতিগ্ৰস্ত হৈ পৰে স্থানীয় ৰাইজ ৷ তাৰ পিচতেই তেওঁলোকে প্ৰত্যক্ষ কৰিলে যে এই পানী জলজীৱন মিছন আঁচনিৰ পাইপ ফুটি আহিছে ৷

গুৱাহাটীৰ পিচত এইবাৰ নগাঁৱত ফুটিল জলজীৱন মিছন আঁচনিৰ পানীৰ পাইপ ৷ জলজীৱনৰ পাইপ ফুটি জলমগ্ন হৈ পৰে নগাঁৱৰ পানীগাঁও ছয়আলি অঞ্চল । জলজীৱন আঁচনিৰ পাইপ ফুটি হঠাৎ ব্যস্ততাপূৰ্ণ এলেকাটো বুৰাই পেলোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । জলমগ্ন হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, উটুৱাই লৈ যায় দৰকাৰী সামগ্ৰী । অকস্মাতে হোৱা পানীয়ে যাতায়ত একপ্ৰকাৰ ব্যাহত কৰি তোলে ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কথমপি প্ৰাণৰক্ষা পৰে বহু পথচাৰীৰ ৷

লগতে পঢ়ক :Jal Jeevan mission scheme:প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্ম গাঁৱতে জল জীৱন মিছন আঁচনিৰ কামত ব্যাপক খেলিমেলি

ABOUT THE AUTHOR

...view details