অসম

assam

মধ্য আমগুৰি বিদ্যালয়ত পৰিচালনা সমিতিক লৈ টনা-আঁজোৰা

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 1:07 PM IST

মধ্য আমগুৰি প্ৰাথমিক বিদ্যালয়

জনীয়া, ২ জানুৱাৰী :বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী প্ৰাথমিক শিখা খণ্ডৰ অন্তৰ্গত ০৩১২৯০৪ নম্বৰ মধ্য আমগুৰি প্ৰাথমিক বিদ্যালয়ত যোৱা ২০২৩ৰ  ২০ অক্টোবৰত অনুষ্ঠিত সাধাৰণ সভাত ৰফিকুল ইছলাম নামৰ এজন অভিভাৱকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰ্বাচিত হয় যদিও ৰাইজে গঠন কৰি দিয়া কমিটীখন প্ৰধান শিক্ষক হাসেম আলী মোল্লাৰ মনেবিচৰা ধৰণে নোহোৱাত কমিটীখন শিক্ষা বিষয়াৰ কাৰ্যালয়ত জমা নিদিলে। দুৰ্নীতিগ্ৰস্থ প্ৰধান শিক্ষক হাসেম আলী মোল্লাই পৰিচালনা সমিতিৰ লগত গোপন মিতিৰালি কৰি অবাধে দুৰ্নীতি চলাই যোৱাৰ লক্ষ্য়ৰে নিজা খেয়াল খুচি মতে আন এখন নিজা পৰিচালনা সমিতি গঠন কৰি লোৱাৰ চক্ৰান্ত কৰে ।  

ইফালে, ৰাইজে গঠন কৰি দিয়া কমিটীখন খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত জমা নিদিয়াত যোৱা ১২ ডিচেম্বৰত স্থানীয় ৰাইজ আৰু নৱ গঠিত পৰিচালনা সমিতিয়ে শিক্ষা বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাসে কমিটীখন সোনকালে জমা দিবলৈ কোৱাৰ পিছতেই প্ৰধান শিক্ষক হাসেম আলীয়ে বিভাগীয় চি আৰ চি চি বিচিত্ৰ ৰায়ৰ লগত গোপন বুজাবুজি কৰি সমাগত গুণোৎসৱৰ কথা কৈ একাংশ ৰাইজৰ পৰা চহী সংগ্ৰহ কৰি যোৱা ৩০ ডিচেম্বৰত ছামচুল আলম নামৰ এজন অভিভাৱকক সভাপতি পাতি নতুনকৈ আন এখন বিদ্যালয় পৰিচালনা কমিটী গঠন কৰে ।  

স্মৰ্তব্য যে খণ্ড শিক্ষা বিষয়াই ৰাইজে নিৰ্বাচিত কৰা কমিটীখন জমা দিবলৈ কোৱা কথাটোক ভুল ব্যখ্যা কৰি কোনো লিখিত নিৰ্দেশনা নোহোৱাকৈ খণ্ড শিক্ষা বিষয়াক প্ৰবঞ্চনাৰে আন এখন বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা বিষয়টোক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কি স্বাৰ্থত প্ৰধান শিক্ষক হাসেম আলী মোল্লা আৰু চি আৰ চি চিয়ে ষড়যন্ত্ৰমূলকভাৱে ৰাইজে গঠন দিয়া কমিটীখন নস্যাৎ কৰি মনে বিচৰা নতুন কমিটী গঠন কৰিব লাগে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।  

লগতে পঢ়ক:চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিন, লোকে লোকাৰণ্য মহোৎসৱস্থলী

ABOUT THE AUTHOR

...view details