অসম

assam

Football Tournament held in Baksa: বিটিআৰত খোলা হ'ব ৫ খনকৈ ফুটবল একাডেমী: প্ৰমোদ বড়ো

By

Published : Oct 23, 2022, 8:47 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে বিটিআৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা । উত্তৰ-পূৰ্বাঞ্চলৰ 10খন স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত বহুকেইটা ফুটবল দলক লৈ আয়োজিত হৈছে ফুটবল প্ৰতিযোগিতাখনি (Inter State Premier League Football Tournament)। শনিবাৰে বাক্সা জিলাৰ বাথৌপুৰী ক্ৰীড়া কমপ্লেক্সৰ খেলপথাৰত চতুৰ্থ দিনৰ খেল অনুষ্ঠিত হয়(Football Tournament held in Baksa ) । মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলখন শুভাৰম্ভ কৰে বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ ফুটবল প্ৰতিযোগিতাখনিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে ডিমা হাছাও স্বায়ত্বশাসিত জিলা পৰিষদক ৩-২ গলত পৰাস্ত কৰে । খেলৰ শেষত কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ লাওটিংছাক শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী আৰু কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷ খেলৰ অন্তত বিটিচিৰ প্ৰধানগৰাকীয়ে বিটিআৰত ৫ খনকৈ ফুটবল একাডেমী মুকলি কৰাৰ কথা সদৰী কৰে । তেওঁ এই সন্দৰ্ভত শীঘ্ৰেই ইণ্ডিয়ান ফুটবল সংস্থাৰ সভাপতি চৌভেৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথাও জানিবলৈ দিয়ে ।
Last Updated :Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details