অসম

assam

Illegal sand mining : বনকৰ্মী আৰু আৰক্ষীৰ সন্মুখতেই খোৱাঙত বালি মাফিয়াৰ গুণ্ডাৰাজ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 11:10 AM IST

খোৱাঙত কৰ ফাঁকি দি অবৈধ বালিৰ খনন

ডিব্ৰুগড়, 3 নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল ৰাজ্যত কোনেও অবৈধ কাৰ্যকলাপ কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্বহীন কৰি ডিব্ৰুগড়ৰ খোৱাং বুঢ়িদিহিঙত চলিছে লাখ লাখ টকা কৰ ফাঁকি দি অবৈধ বালিৰ খনন । খোৱাঙৰ বুঢ়ীদিহিং নদীত বালি মাফিয়াৰ দৌৰাত্ম্যত অসহায় হৈ পৰিছে বনকৰ্মী । খোৱাঙৰ দীঘলীয়াহোলাত এচকেভেটৰে বালিমাফিয়াই অবৈধভাৱে চলাই গৈছে খনন ।

অভিযোগ অনুসৰি, খোৱাং আঞ্চলিক বন বিভাগক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি বালি মাফিয়াই নিৰ্বিবাদে চলাই গৈছে অবৈধ বালি খনন । বুঢ়ীদিহিং নদীৰ দীঘলীয়াহোলাত বালি মহলৰ বাবে প্ৰতি বছৰে বন বিভাগে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰে যদিও বালি মাফিয়াই কোনো ধৰণৰ টেণ্ডাৰত জড়িত নহৈ অবৈধভাৱে চলায় বালি খনন । যাৰ বাবে লাখ লাখ টকা ৰাজহ হেৰুৱাব লগা হৈছে চৰকাৰে । দুৰ্বল মথাউৰি খহাই দৈনিক 15-20 খন গাড়ীৰে অহৰহভাৱে কঢ়িয়াই আছে বালি ।

যোৱা নিশা ডিব্ৰুগড়ৰ বন বিভাগ আৰু খোৱাং আঞ্চলিক বন বিভাগে যুটীয়া অভিযান চলাই অবৈধভাৱে কঢ়িয়াই অনা AS 06 AC 5196 নম্বৰৰ এখন বালিভৰ্তি ট্ৰাক জব্দ কৰি লৈ আনে । ট্ৰাকখন বন বিভাগৰ লোকে চলাই আনি থকা অৱস্থাত খোৱাং আজাৰগুৰিত সম্পূৰ্ণ চিনেমা কায়দাৰে ট্ৰাকখন বালি মাফিয়াই আগভেঁটি ধৰে আৰু ট্ৰাকখনৰ চাবি লৈ কিছু পৰিমাণে যান্ত্ৰিক বিজুতি ঘটাই পলায়ন কৰে বালি মাফিয়াকেইটা ।

প্ৰায় 3 ঘণ্টা ধৰি ট্ৰাকখন ৰাজপথতে ৰাখি থোৱাত ডিব্ৰুগড় বন বিভাগ আৰু খোৱাং আঞ্চলিক বন বিভাগৰ কৰ্মীসকল অসহায় হৈ পৰে । উপায়ন্তৰ হৈ বন বিভাগৰ লোকে আৰক্ষীক খবৰ দিয়ে । এনেদৰে বহু সময় ধৰি বনকৰ্মী আৰু আৰক্ষীক ৰং চাই বালি মাফিয়া কেইটাই নিজেই ট্ৰাকখন নি খোৱাং আৰক্ষী থানাত চমজাই দিয়ে । ইফালে সুদ বন বিভাগৰ লোকৰ উপস্থিতিতে বালি মাফিয়াই ৰাজপথত গুণ্ডাৰাজ চলোৱাত স্থানীয় ৰাইজ হতচকিত হৈ পৰিছে ।

লগতে পঢ়ক :Congress slams BJP: পিয়াঁজেই সৰ্বনাশ মাতিছিল কংগ্ৰেছ দললৈ বুলি কিয় ক’লে বিৰোধী দলপতিয়ে ?

ABOUT THE AUTHOR

...view details