অসম

assam

Yaba tablets Seized: সোণাইত বৃহৎ পৰিমাণৰ নিচযুক্ত টেবলেটসহ আৰক্ষীৰ জালত চাৰি সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 11:02 AM IST

সোণাইত বৃহৎ পৰিমাণৰ নিচযুক্ত টেবলেটসহ আৰক্ষীৰ জালত চাৰি সৰবৰাহকাৰী

কৰিমগঞ্জ, 11 ছেপ্টেম্বৰ:সোণাই আৰক্ষীৰ বৃহৎ সফলতা । গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সোণাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় 20 লাখ টকাৰ নিচাযুক্ত টেবলেটসহ চাৰি সৰবৰাহকাৰীক । সোণাই অঞ্চলত বিক্ৰী কৰিবলৈ মিজোৰামৰ পৰা আনিছিল নিচাযুক্ত টেবলেটখিনি ৷ জানিব পৰা মতে, চাৰি সৰবৰাহকাৰীয়ে য়াবা টেবলেটখিনি মিজোৰামৰ পৰা কাবুগঞ্জ হৈ সোণাইলৈ আনিছিল ৷ সোণাই-শিলচৰ পথৰ মাঝিৰগ্ৰাম অঞ্চলৰ পুৰ্তা পথত আৰক্ষীতে তালাচী চলায় ৷ তালাচীৰ সময়তে নিচাযুক্ত টেবলেতসহ 4 সৰবৰাহকাৰী আৰু এখন বলেৰ’ বাহন জব্দ কৰে ।  

সোণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম. মানস সন্দকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাইছিল ৷ আটকাধীন 4 হৈছে লালহানজুৱালা, আইজাক জানুন চাংগা, ভি.এল.ছাংগাৰ আৰু আলী আনছাৰ ৷ ইয়াৰে লালহানজুৱালা ঘৰ মিজোৰামৰ কালাশিৱ জিলাৰ কানপুই গাঁৱত, জানুন চাংগাৰ ঘৰ কানপুই গাঁৱৰ আইজাক, ভি.এল.ছাংগাৰৰ ঘৰ আইজল জিলাৰ ৰামথাৰ ভেং গাঁও আৰু আলী আনছাৰৰ ঘৰ কাছাৰ জিলাৰ ধলাইৰ কুলিচাৰাৰ বুলি জানিব পৰা গৈছে ৷  

লগতে পঢ়ক:Bharat Jodo Yatra:ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কৰিমগঞ্জত কংগ্ৰেছৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details