Bharat Jodo Yatra:ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কৰিমগঞ্জত কংগ্ৰেছৰ পদযাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:42 PM IST

thumbnail

কৰিমগঞ্জ, 7 ছেপ্টেম্বৰ : ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ আজি এবছৰ সম্পূৰ্ণ ৷ ভাৰত জোড়ো পদযাত্ৰাৰে সীমান্তৱৰ্তী চহৰ কঁপালে কংগ্ৰেছীয়ে ৷ জিলা কংগ্ৰেছে আয়োজন কৰা এই পদযাত্ৰাত দলৰ সকলো শাখাৰ বিষয়াসকলে যোগদান কৰে ৷ ৰাহুল গান্ধীৰ বিজয় গানেৰে উজলি উঠা সীমান্ত চহৰ কৰিমগঞ্জৰ জিলা সদৰত ভাৰত যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কৰিমগঞ্জত কংগ্ৰেছৰ শোভাযাত্ৰা ৷

ৰাহুল গান্ধীৰ ভাৰত জোড়ো পদযাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত ভাৰত জোড়ো যাত্ৰা উদযাপন কৰা হৈছে । এই দেশজোৰা পদযাত্ৰাত পিছ পৰি থকা নাই সীমান্ত জিলা কৰিমগঞ্জ কংগ্ৰেছ । সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে কৰিমগঞ্জতো উদযাপন কৰা হয় এই পদযাত্ৰা ৷

জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তীৰ নেতৃত্বত এই পদযাত্ৰাত যোগদান কৰে দলীয় নেতা-কৰ্মীয়ে । সকলোৱে দলৰ পতাকা হাতত লৈ মহানগৰীৰ বিভিন্ন পথ প্ৰদক্ষিণ কৰাৰ উপৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই পদযাত্ৰাত প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নাজিমুদ্দিন, জিলা যুৱ কংগ্ৰেছৰ সভাপতি নাছিৰ উদ্দিন, উপ-সভাপতি জয়জুল হুছেইনকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে । ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে পদযাত্ৰাৰ শেষত জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে ।

লগতে পঢ়ক :  Badrighat bridge in Silchar: শিলচৰত বদ্ৰীঘাট দলং উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.