অসম

assam

HSLC question paper leak: অভিযুক্ত প্ৰণৱ দত্তক লগত লৈ খাবলু কাংবঙত আৰক্ষীৰ অভিযান

By

Published : Mar 17, 2023, 7:02 AM IST

খাবলু কাংবঙত আৰক্ষীৰ তালাচী অভিযান

মাজুলী, 17 মাৰ্চ:  চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল প্ৰসংগই জোকাৰি আছে সমগ্ৰ ৰাজ্য (HSLC question paper leak case) । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত লখিমপুৰ জিলাৰ এজন শিক্ষকক বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা শিক্ষকজন লুইত খাবলু হাইস্কুলৰ শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়ক প্ৰণৱ দত্ত ৷ 

প্ৰশ্নকাকত ফাদিলৰ মূল অভিযোগকাৰী শচীন্দ্ৰ দলেৰ অভিযোগৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ মূল অভিযুক্ত প্ৰণৱ দত্তক লৈ আৰক্ষীয়ে লুইত খাবলু কাংবং গাঁৱলৈ ৰাওনা হয় আৰু অৱসৰপ্ৰাপ্ত শিক্ষক অবুৰাম পেগুৰ ঘৰত চলালে তালাচী অভিযান । 

ধৃত প্ৰনৱ দত্তক ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ জেৰাত প্ৰণৱ দত্তই অসমীয়া বিভাগৰো পৰীক্ষা কাকত ফাদিল হোৱা বুলি দিয়া স্বীকাৰোক্তিৰ পিচতে বাতিল কৰা হৈছে অসমীয়া বিভাগৰ পৰীক্ষা ৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma Tweet) এক টুইটযোগে উল্লেখ কৰে যে, "লুইত খাবলু হাইস্কুলৰ শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়ক প্ৰণৱ দত্তই জেৰাৰ সময়ত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল কৰাৰ কথা স্বীকাৰ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিততেই, মই ছেবাক অসমীয়া বিভাগৰ পৰীক্ষাৰ তাৰিখ নতুনকৈ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা দিছো ৷" 

লগতে পঢ়ক :HSLC exam paper leak: মেট্ৰিকৰ পৰীক্ষা বাতিলক লৈ বঙাইগাঁৱতো আমছু প্ৰতিবাদ সাব্যস্ত

ABOUT THE AUTHOR

...view details