অসম

assam

HR conclave at Vivanta: উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সন্দৰ্ভত আলোচনাচক্ৰ

By

Published : Nov 26, 2022, 10:38 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

()
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় (HR conclave at vivanta) । ৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত অনুষ্ঠানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰখন উন্নীতকৰণ আৰু নিবনুৱা সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা সন্দৰ্ভত আৰু উদ্যোগিক ক্ষেত্ৰক একত্ৰিত কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষিত নিবনুৱাক কেনেদৰে সংস্থাপন কৰিব পৰা যায় তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ সমগ্ৰ অনুষ্ঠানটো দুটা ভাগত বিভক্ত কৰা হয় । প্ৰথম পৰ্যায়ৰ আলোচনাত কোভিড ১৯ ৰ পিছত পুনৰ দক্ষতা আৰু দক্ষতা বৃদ্ধিৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয় । দ্বিতীয় পৰ্যায়ত কৰ্মক্ষেত্ৰত লিংগ সমতা আৰু বৈচিত্ৰতা বৃদ্ধি কৰাৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। লগতে ভাৰ্চুৱেল নিযুক্তি (ট্ৰেণ্ডৰ সুযোগ আৰু প্ৰভাৱ) আৰু কৰ্মচাৰীৰ কৰ্মক্ষমতাৰ ওপৰত দূৰৱৰ্তী কামৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হয় । অনুষ্ঠানত ইণ্ডিয়া টুডে মেগাজিনৰ কাৰ্যবাহী সম্পাদক কৌশিক ডেকা, নেটফ্লিক্সৰ এইছ আৰ মেনেজাৰ অতমা গোদাৰা, কেম্পাছ লীড- গ্লোবেল কেম্পাছ হায়াৰিং, উইপ্ৰোৰ অনুৰাগ কীৰ্তি, মাইক্ৰ'ছফ্ট কৰ্প'ৰেচনৰ প্ৰডাক্ট মেনেজাৰ অনিকেত দত্ত, ভাৰতীয় উদ্যোগীকৰণ প্ৰতিষ্ঠানৰ ঔদ্যোগিক সম্প্ৰসাৰণ কেন্দ্ৰৰ মুৰব্বী তথা পৰিচালক ড৹ শ্ৰীপৰ্ণ ভূঞা বৰুৱা, ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক দীপাম্বিতা জয়ছোৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উক্ত বিষয়ৰ ওপৰত বক্তব্য ৰাখে ।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details