অসম

assam

Flood victims have not received flood relief:চেঙাজান গোৱালা গাঁৱৰ বানপীড়িতই লাভ কৰা নাই বান সাহায্য

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:47 PM IST

লাভ কৰা নাই বান সাহায্য

জোনাই, ৭ ছেপ্টেম্বৰ :বিগত এসপ্তাহৰ পূৰ্বে ব্ৰহ্মপুত্ৰ, লালী নদীৰ প্ৰলয়ংকৰী বানত প্লাৱিত হোৱা জোনাই ৰাজহ চক্ৰৰ চমকং গাওঁ পঞ্চায়তৰ চেঙাজান গোৱালা গাঁৱৰ কুৰিটা বানাক্ৰান্ত পৰিয়ালে আজিও পোৱা নাই চৰকাৰী বান সাহায্য । জোনাই মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চমকং গাওঁ পঞ্চায়তৰ বিভিন্ন গাঁৱৰ বানপীড়িত পৰিয়ালৰ মাজত বান সাহায্য প্ৰদান কৰে যদিও চেঙাজান গোৱালা গাওঁখনৰ কুৰিটা বানপীড়িত পৰিয়াল বৰ্তমানেও বান সাহায্যৰ পৰা বঞ্চিত হৈ আছে ।

আনহাতে কেইবাদিনো ধৰি চেঙাজান গোৱালা গাঁওখন বানত প্লাৱিত হোৱাৰ ফলত পথ-পথাৰত বালি-পলসৰ তৰপ পৰিছে । যাৰ ফলত চেঙাজান গোৱালা গাঁৱৰ পশুধনৰ মাজত ভীষণ খাদ্য সমস্যাই দেখা দিছে । চেঙাজান অঞ্চলৰ বানপীড়িত পৰিয়ালক উপযুক্ত বান সাহায্য, পশু খাদ্য আৰু পশুধনৰ ঔষধ যোগান ধৰিবলৈ সদৌ অসম ভোজপুৰী পৰিষদৰ চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি চন্দন মাঝি, সাধাৰণ সম্পাদক হৰিলাল মালা, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমচা বসুমতাৰী, সাধাৰণ সম্পাদক নিৰঞ্জন নম:শূদ্ৰই প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক :Erosion by Debing river:দেবিং নদীৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বালিজানবাসী ৰাইজৰ

                    Jonai flood menace :বানে বিধ্বস্ত জোনাইৰ দুখলগা দৃশ্য

                   Flood at Jonai:জোনাইত ভদীয়া বানৰ সংহাৰীৰূপ

                    Massive Erosion in Jonai: দেপী নদীৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ; স্থায়ী সমাধানৰ আশ্বাস

ABOUT THE AUTHOR

...view details