Massive Erosion in Jonai: দেপী নদীৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ; স্থায়ী সমাধানৰ আশ্বাস

By

Published : Aug 20, 2023, 6:34 AM IST

thumbnail

জোনাই, ১৯ আগষ্ট: শনিবাৰে বিধায়ক ভূৱন পেগুৱে জোনাইৰ বিভিন্ন অঞ্চলৰ বান খহনীয়া পৰিদৰ্শন কৰে । বিশেষকৈ জোনাইৰ গালি পঞ্চায়তৰ অন্তৰ্গত গালি বৰবালি অঞ্চলত দেপী নদীৰ খহনীয়া পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ৷ বিগত সময়ত অঞ্চলটোৰ শ শ পৰিয়ালৰ ঘৰ বাৰীৰ লগতে শ শ হেক্টৰ কৃষিভূমি দেপী নদীৰ খহনীয়াত জাহ গৈছে ৷ ফলত বহুলোক গৃহহীন হৈ পৰিছে ৷ 

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা দেপী নদীৰ বাঢ়নী পানীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজি পৰ্যন্ত চৰকাৰে কোনোধৰণৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ লোৱা নাই । ফলত প্ৰতি বছৰে অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভুগি আহিছে ৷

সেয়ে শনিবাৰে গালী বৰবালি অঞ্চলৰ দেপী নদীৰ খহনীয়া পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে বিধায়ক ভূৱন পেগুৱে নদীৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে অঞ্চলটোৰ ৰাইজক ।

লগতে পঢ়ক: MLA Prasanta Phukan: ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ ; অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.