Jonai flood menace :বানে বিধ্বস্ত জোনাইৰ দুখলগা দৃশ্য

By

Published : Jul 29, 2023, 7:13 PM IST

Updated : Aug 1, 2023, 4:29 PM IST

thumbnail

জোনাই, 29 জুলাই : জোনাইৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত, ব্যাহত হৈছে যোগাযোগ ব্যৱস্থা, চিগিছে মথাউৰি, বানৰ কৱলত পথ-পথাৰ, শ শ পৰিয়ালৰ ঘৰবাৰী ৷ জোনাইৰ অসম অৰুণাচল সীমান্তত বৃহস্পতিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে বানত । পাহাৰৰ পৰা বৈ অহা ৰায়াং নদী আৰু ৰাজাখানা নদীৰ বাঢ়নী পানীয়ে জোনাইৰ ২নং চিৰামপুৰীয়া, কাৰ্দ্দংচুক, ভেকেলী, বিজয়পুৰ দেউৰী, ৰাংকপ দেউৰী আদি গাঁৱকে ধৰি প্ৰায় দহখন গাঁও বুৰাই পেলাইছে ৷ শ শ পৰিয়াল এতিয়া বানৰ কৱলত ।

বানৰ কৱলত পৰা অঞ্চলসমূহত মানুহৰ সমান্তৰালকৈ পহুধনো ভুগিছে খাদ্য সংকটত । নদীৰ এই বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৰাস্তা ঘাট, ঠায়ে ঠায়ে চিগিছে মথাউৰি । যাৰ ফলত এতিয়া বানৰ কৱলত পৰা অঞ্চলসমূহৰ ৰাইজ গৃহবন্দী হোৱা পৰিলক্ষিত হৈছে । মানুহৰ সমান্তৰালকৈ খাদ্য, বাসস্থান আদিৰ সংকটত ভুগিছে পশুধনো ৷

উল্লেখ্য যে দে:তাগ নদীৰ বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীৰ সৈতে আলোচনা কৰি বানে চিঙি নিয়া অংশত কিছুদিন পূৰ্বে জি’অ টিউব স্থাপন কৰাৰ লগতে অন্য বান্ধসমূহকো মেৰামতি কৰিছিল জল সম্পদ বিভাগে ৷ ইফালে শুকুৰবাৰে নাহৰ নলাৰ নাহৰ গেজেৰা গাঁৱৰ সমীপত চিগা অংশৰ মথাউৰি কিছুদিন পূৰ্বে জিঅ’ বেগেৰে নিৰ্মাণ কৰা হৈছিলহে ৷ সেই মথাউৰি পুনৰ আজি পুৱাই দে:তাগ নদীৰ বাঢ়নী পানীয়ে চিঙি নিয়াৰ ফলত নাহৰ গেজেৰা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে বানত । গাঁওখন এতিয়া বানে বুৰাই পেলোৱাৰ ফলত খেতি-বাতিকে আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ।

আনফালে ২ নং চিৰামপুৰীয়াৰ ৰায়াং নদীৰ বাঢ়নী পানীয়ে এটা পথ চিঙি পেলোৱাৰ লগতে গাঁওখনৰ শতাধিক পৰিয়াল এতিয়া পানীৰ কৱলত ৷ গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা জোনাই মহকুমা প্ৰশাসনক বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক : Jonai river island kabu chapori:জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিকূলে

Last Updated : Aug 1, 2023, 4:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.