অসম

assam

Road accident in Kaliabor: কলিয়াবৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী

By

Published : Oct 20, 2022, 4:07 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

কলিয়াবৰৰ শিলঘাটৰ ৰে’ল লাইনৰ সমীপত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Kaliabor)। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পথৰ কাষেৰে গৈ থকা এজন চাইকেল আৰোহীক মহতিয়াই নিয়ে এখন তীব্ৰবেগী ডাম্পাৰে ৷ ফলত থিতাতে নিহত হয় শিলঘাট কেন্দুপামৰ কাৰ্তিক মুঢ়া নামৰ ব্যক্তিজন (Cyclist killed in dumper collision in Kaliabor) । ইফালে স্থানীয় ৰাইজৰ অভিযোগ ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই পূৰ্বেও সংঘটিত হৈছে এনে বহু দুৰ্ঘটনা ৷ আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকে ডাম্পাৰখন লৈ পলায়ন কৰে যদিও জখলাবন্ধাত ৰাইজে ডাম্পাৰখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে (Hit and run case in Assam)। ৰাইজে ডাম্পাৰখন জব্দ কৰে যদিও পলায়ন কৰিবলৈ সক্ষম হয় চালক ৷
Last Updated :Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details