অসম

assam

Press Conference of CM: চৰকাৰে ধৰ্ণা প্ৰতিবাদ বন্ধ কৰা নাই: মুখ্যমন্ত্রী

By

Published : May 24, 2023, 11:04 AM IST

সংবাদমেল সম্বোধন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ()

গুৱাহাটী, ২৪ মে':গুৱাহাটীত দেওবাৰৰ পৰা জাৰি কৰা ১৪৪ ধাৰা মঙলবাৰে দুপৰীয়া প্ৰত্যাহাৰ কৰা হয় (Revoking Section 144 in Guwahati) । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনত মঙলবাৰে মুখ্যমন্ত্রীয়ে নিযুক্তি সংক্ৰান্তত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত ১৪৪ ধাৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, সংবাদমেলৰ পাছতে উঠি যাব ১৪৪ ধাৰা (Himanta Biswa Sarma on Section 144) ।

সোমবাৰে গুৱাহাটীৰ বিমান কোঠত কংগ্ৰেছ দলে বহুত বেছি মানুহ লৈ যোৱাৰ পৰিকল্পনা কৰাৰ পৰিপ্ৰেক্ষিতত ১৪৪ ধাৰা জাৰি কৰা হৈছিল । ধৰ্ণা-প্ৰতিবাদৰ বাবে ১৪৪ ধাৰা প্ৰয়োগ কৰা হোৱা নাছিল । উল্লেখ্য যে, সোমবাৰে চি আই ডিৰ এটা গোচৰৰ বাবে গুৱাহাটীলৈ আহিছিল যুৱ কংগ্ৰেছৰ সৰ্ভাৰতীয় সভাপতি শ্ৰীনিৱাস বিভি । বিমানকোঠৰ পৰা শ্ৰীনিৱাসক বিশাল ৰেলীৰে যাতে কংগ্ৰেছে আদৰি অনিব  নোৱাৰে তাৰ বাবে কাৰ্যতঃ গুৱাহাটীত প্ৰয়োগ কৰা হৈছিল ১৪৪ ধাৰা । এক কথাত কংগ্ৰেছৰ ভয়তে চৰকাৰে গুৱাহাটীত প্ৰয়োগ কৰিছিল ১৪৪ ধাৰা।  

মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত ধৰ্ণা প্ৰতিবাদ কিয় লাগে বুলি প্ৰশ্ন কৰি কয় যে, আজিকালি সাংবাদিকে মনত যি ভাৱ আহে তাকে লিখি দিয়ে । ধৰ্ণা প্ৰতিবাদ বন্ধ কৰাৰ বাবে প্ৰশাসনে যদি পদক্ষেপ লৈছে তেন্তে সেয়া ভাল কথা । তেনে কাৰ্যক তেওঁ আদৰণি জনাইছো বুলি কয় । তেওঁ লগতে কয় যে, চাকৰি পোৱাই চাকৰি পালে । সমস্যাৰ সমাধান হ'লে ধৰ্ণা প্ৰতিবাদ কিয় লাগে । চৰকাৰে ধৰ্ণা, প্ৰতিবাদ বন্ধ কৰা নাই ।  

ইফালে, ৰাজ্য উত্তাল হৈ থকা নকল সোণৰ প্ৰসংগত তেওঁ কয় যে, এয়া দুজন লোভী মানুহৰ মাজৰ কাম (Assam CM comment on Duplicate gold)। নকল সোণ বিক্ৰী কৰা জনৰ লগতে ক্ৰয় কৰা জনো লোভী মানুহ । ভাল মানুহে কেতিয়াও এনেদৰে সোণ ক্ৰয় নকৰে, দোকানৰ পৰা ক্ৰয় কৰিব । এই দুই নম্বৰী নকল সোণৰ বেহা শেষ কৰি দিয়া হ'ব বুলি তেওঁ কয় । আনহাতে, আৰক্ষী বিষয়া জোনমণি ৰাভা মৃত্যুৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে এই গোচৰ ইতিমধ্যে চি বি আইলৈ প্ৰেৰণ কৰা হৈছে । এতিয়া ইয়াত কথা কোৱাটো যুক্তি সংগত নহ'ব । অসম আৰক্ষীকো কোনো মন্তব্য নিদিবলৈ কোৱা হৈছে ।  

ইফালে, এজাহাৰত তদানীন্তন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম জোনমণি ৰাভাৰ মাতৃয়ে উল্লেখ কৰা প্ৰসংগত তেওঁ কয় যে চি বি আইয়ে যাক দোষী হিচাপে পাই তেওঁ জে'ললৈ যাব লাগিব । তেওঁ কয় যে যিহেতু অসম চৰকাৰ গোটেই গোচৰটো চি বি আইলৈ প্ৰেৰণ কৰিছে গতিকে অসম চৰকাৰে আৰু এই বিষয়ত কোনো মন্তব্য নকৰে । আনহাতে, সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা সম্পূৰ্ণ ৰাজ্য চলিত বৰ্ষৰ ভিতৰত মুক্ত হোৱাৰ বাবে চৰকাৰখনে কাম কৰি আছে বুলি তেওঁ কয় । এইক্ষেত্রত আৰক্ষীয়ে কাম কৰিলেহে সেয়া সম্ভৱ হ'ব । যাৰ বাবে তেওঁ আৰক্ষীক এই কথা সোঁৱৰাই দিছিল ।

ইফালে, দিব্যাংগৰ ভুৱা প্ৰমাণ-পত্রৰ প্ৰসংগত তেওঁ কয় যে এইক্ষেত্রত ক্ৰিমিনেল কেচ কৰা হ'ব । ভুৱা প্ৰমাণ-পত্র দিয়া স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলো গ্ৰেপ্তাৰ হ'ব । কানেৰে শুনিও নুশুনাৰ প্ৰমাণ পত্র লোৱাসকল আৰু দিয়াসকল সাৰি নাযাব । তেওঁ কয় যে দিব্যাংগসকলক প্ৰৱঞ্চনা কৰিবলৈ দিয়া নহ'ব । এইক্ষেত্রত সহস্ৰাধিক লোক গ্ৰেপ্তাৰ হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক:AFSPA will be removed from Assam : অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ'ব AFSPA

ABOUT THE AUTHOR

...view details