AFSPA will be removed from Assam : অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ'ব AFSPA

author img

By

Published : May 23, 2023, 10:20 AM IST

AFSPA will be removed from Assam completely

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা । চলিত বছৰৰ নৱেম্বৰৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ পৰা এএফএছপিএ প্ৰত্যাহাৰ কৰা হ'ব (AFSPA will be removed from Assam)। বৰ্তমান অসমৰ মাত্ৰ ৮ খন জিলাত প্ৰযোজ্য হৈ আছে এই আইন ।

গুৱাহাটী,২৩ মে': অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ'ব সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ চমুকৈ AFSPA (AFSPA will be removed from Assam completely)। চলিত বছৰৰ শেষৰ ফালে এই আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ লক্ষ্য আগত ৰখা হৈছে । এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

  • We are aiming at withdrawing AFSPA completely from Assam by the end of 2023. We will also rope in ex-military personnel to train our police force.

    Excerpts from my speech 👇 https://t.co/d723eVih4y

    — Himanta Biswa Sarma (@himantabiswa) May 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে কয় যে এই বছৰৰ শেষৰ ফালে ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে (Assam Cm announcement on AFSPA)। অসমৰ আৰক্ষী বাহিনীক প্ৰশিক্ষণ দিবলৈ প্ৰাক্তন সৈনিকসকলকো নিযুক্তি দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত কমাণ্ডেণ্টসকলৰ প্ৰথমখন সন্মিলনত অংশগ্ৰহণ কৰে (Assam CM at Dergaon Police academy)। এই সময়ছোৱাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে নৱেম্বৰৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হ'ব । ই অসম আৰক্ষী বেটেলিয়নৰ দ্বাৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী অৰ্থাৎ CAPF ক সলনি কৰাত সহায় কৰিব । অৱশ্যে, আইনৰ দ্বাৰা প্ৰয়োজনীয় CAPF ৰ উপস্থিতি অব্যাহত থাকিব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কমাণ্ডেণ্ট আৰু অসম আৰক্ষী বেটেলিয়নে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি ছয় মাহত সন্মিলনখন অনুষ্ঠিত কৰা হ'ব । অসম আৰক্ষীৰ বেটেলিয়নসমূহক তেওঁলোকৰ আদেশ পূৰণ কৰিবলৈ সক্ষম সক্ৰিয় সংস্থালৈ ৰূপান্তৰ কৰাত সহায় কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে কেন্দ্ৰই যোৱা বছৰ সমগ্ৰ অসমৰ পৰা AFSPA ৰ অধীনৰ অশান্ত অঞ্চলসমূহৰ অধিসূচনা আঁতৰাই দিছিল, কিন্তু এতিয়াও প্ৰায় ৯ খন জিলা আৰু আন এখন জিলাৰ এটা অঞ্চলত এই আইন বলবৎ হৈ আছে । ইয়াৰ পূৰ্বে এই বছৰৰ ১ এপ্ৰিলত, AFSPA আৰু এখন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল, যাৰ অৰ্থ হৈছে যে বিতৰ্কিত আইনখন বৰ্তমান অসমৰ মাত্ৰ ৮ খন জিলাত বলবৎ হৈ আছে (AFSPA in Assam)।

সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, 1958 হৈছে ভাৰতৰ সংসদৰ এক আইন যিয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক অশান্ত অঞ্চলত শান্তি শৃংখলা বজাই ৰখাৰ বাবে বিশেষ ক্ষমতা প্ৰদান কৰে । অশান্ত এলেকা আইন, 1976 অনুসৰি, এবাৰ 'অশান্ত' বুলি ঘোষণা কৰা হ'লে, অঞ্চলটোত কমেও ৩ মাহৰ বাবে স্থিতি বজাই ৰাখিব লাগিব ।

লগতে পঢ়ক :Curfew imposed in Jonai: গো-পালকৰ প্ৰতিবাদ ৰোধিবলৈ জোনাইত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.