Curfew imposed in Jonai: গো-পালকৰ প্ৰতিবাদ ৰোধিবলৈ জোনাইত ১৪৪ ধাৰা জাৰি

By

Published : May 23, 2023, 12:26 AM IST

thumbnail

জোনাই,২২ মে': জোনাই ৰাজহ চক্ৰৰ চৰ অঞ্চল মুনমুনি, মাঝিআলিৰ গো-চৰণীয়া পথাৰ সুৰক্ষিত কৰাৰ দাবীত হাজাৰ হাজাৰ গৰু-ম'হ লৈ জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে যাত্ৰা কৰে গো-পালক সকলে ৷ গৰু চৰোৱা পথাৰৰ সুৰক্ষা দাবী কৰি সোমবাৰে সমদল কৰে জোনাইৰ মহকুমাধিপতি কাৰ্যালয়লৈ (Cowherd protest continued in Jonai) ৷  

একপ্ৰকাৰ জোনাইত আৰম্ভ হৈছে গো-বিপ্লৱ ৷ ইফালে গো-পালকৰ প্ৰতিবাদক প্ৰতিৰোধ কৰিবলৈ জোনাই মহকুমা প্ৰশাসনে জোনাইত সোমবাৰৰে পৰা জাৰি কৰে ১৪৪ ধাৰা ৷ জোনাই মহকুমা প্ৰশাসনে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলি তিনিআলিৰ পৰা জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ এলেকাত ঘোষণা কৰে সান্ধ্য আইন (Curfew imposed on cowherd protest in Jonai) ।  

এই সময়চোৱাত কোনোধৰণৰ সমদল তথা ৰাজহুৱা স্থানত পাঁচজনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব (Curfew imposed in Jonai) ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি এক প্ৰেছ বিবৃতি যোগে জানিব দিয়ে মহকুমা প্ৰশাসনে ৷ 

লগতে পঢ়ক: HSLC Results 2023: শাৰীৰিক অক্ষমতাত প্ৰত্যাহ্বান জনাই জিলিকিল চেহনাজ আৰু ৰাচিদুল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.