অসম

assam

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল লখিমপুৰ

By

Published : Sep 21, 2022, 2:23 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ (Govt cheated six communities of Assam) সাব্যস্ত কৰিছে দল-সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে (Union Cabinet led PM Modi granted ST) ৰাজ্য দল-সংগঠন সমূহ । চুতীয়াসকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত বুধবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চুতীয়া ছাত্র সন্থাই। লখিমপুৰতো জিলা চুতীয়া ছাত্র সন্থাই অৱস্থান (Chutia student union protes at Lakhimpur) ধৰ্মঘট ৰূপায়ণ কৰি প্ৰতিবাদী শ্লোগানেৰে উত্তাল পৰিবেশ সৃষ্টি কৰে । চুতীয়া ছাত্র সংগঠনটোৱে আদালত(Chutia student union demand for ST) ভৱনৰ সন্মুখত ধৰ্মঘট ৰূপায়ণ কৰে । নিৰ্বাচনৰ পূৰ্বে অসমৰ চুতীয়াকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰাৰৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে । এশ শতাংশ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বৰ্তমান সদিচ্ছাৰ অভাৱ দেখুওৱা বুলি কেন্দ্র তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে । আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া সকলৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰিলে জংগী আন্দোলৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
Last Updated :Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details