অসম

assam

Snatchers at Rangia: এডমিট কাৰ্ড লৈ চিলনী চোৰ উধাও

By

Published : Dec 16, 2022, 9:37 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

ধন লুট আৰু ডকাইতিৰ দৰে অপৰাধৰ ট্ৰানজিট পইন্টত পৰিণত হৈছে ৰঙিয়া (snatchers at Rangia)। ৰঙিয়াৰ ২ নং ডিমুত চিলনী চোৰৰ সন্ত্ৰাস । এইবাৰ পুঠিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰীৰ পৰা পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে টকা, মোবাইলসহ পৰীক্ষাৰ এডমিট কাৰ্ড (Bikers snatched money and admit card)। বৃহস্পতিবাৰে কামৰূপৰ পুৰণ বোৰ্কাৰ জুবি মহন্তই পৰীক্ষা দি ডিমুৰ এছ বি আইৰ এটিএমৰ পৰা 6 হাজাৰ টকা উলিয়াইছিল । তাৰ পিছতে চাইকেলেৰে ৰাওনা হৈছিল ঘৰ অভিমুখে । পিছে পিছে ক’লা ৰঙৰ পালচাৰ বাইকৰে দুই যুৱকে পিছ লয় ছাত্ৰীগৰাকীৰ । ছাত্ৰীগৰাকীয়ে ভয়তে জোৰেৰে চাইকেল চলাই যদিও চলন্ত চাইকেলৰ পৰা মূহুৰ্ততে বেগটো কাঢ়ি লৈ উধাও হয় পালচাৰ বাইকত অহা দুৰ্বৃত্তকেইটা । ছাত্ৰীগৰাকীৰ বেগটোত ছয় হাজাৰ টকা, এটা মোবাইল ফোন সহ পৰীক্ষাৰ এডমিট কাৰ্ড আছিল । এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচিটিভিত বন্দী হৈছে হৈছে দুই চোৰৰ পলায়নৰ দৃশ্য । ভুক্তভোগী ছাত্ৰী জুবি মহন্তই এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰিছে ৷
Last Updated :Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details