অসম

assam

Assam Meghalaya Border violence : মৃত বিদ্যাছিং লকথেক বনবীৰ ঘোষণা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ

By

Published : Nov 27, 2022, 4:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

মৃত বিদ্যাছিং লকথেক বনবীৰ ঘোষণা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ (Karbi Anglong Autonomous Council)৷ লেকথেৰ বাসগৃহত উপস্থিত হৈ ঘোষণা কৰিলে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang)৷ অসম-মেঘালয় সীমান্তৰ মুক্ৰৰ ঘটনাত(Mukroh firing) নিহত বিদ্যাছিং লেকথেৰ(Bidyasing Lekthe) বাসগৃহত দেওবাৰে উপস্থিত হয় মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন ৷ দিল্লীত আয়োজিত বীৰ লাচিত দিৱসৰ(Lachit Divas in Delhi) কাৰ্যসূচী সামৰি গুৱাহাটী গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈয়েই পোনে পোনে পশ্চিম কাৰ্বি আংলং জিলাৰ জালুক লাংটেংস্থিত মৃত গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ বাসগৃহত উপস্থিত হৈ মৃত গৃহৰক্ষী জোৱানজনৰ পিতৃ-মাতৃৰ লগতে পৰিয়াল বৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details