অসম

assam

Tiger menace at Kaliabor : বনৰজাই টোপনি হৰিছে কলিয়াবৰবাসীৰ

By

Published : Mar 5, 2023, 8:15 PM IST

বনৰজাই টোপনি হৰিছে কলিয়াবৰবাসীৰ

কলিয়াবৰ,৫ মাৰ্চ:কলিয়াবৰত অব‍্যাহত বনৰজাৰ সন্ত্ৰাস(Bengal tiger terror in Kaliabor) । শিলঘাট-কামাখ্যা অঞ্চলত এটা বাঘেই নহয়, বাঘৰ এটা পৰিয়ালে বিচৰণ কৰি আছে দীৰ্ঘদিন ধৰি (free movement of Royal Bengal Tiger at Kaliabor) । ইতিমধ্যে বনবিভাগে বাঘটো কিছু দূৰলৈ খেদি পঠাবলৈ সক্ষম হৈছে । পানী খাবলৈ আহি পানীৰ পাইপ টানি থকা অৱস্থাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ এক দৃশ‍্য বন্দী হৈছে শিলঘাটত । কামাখ্যা পাহাৰৰ নিচেই কাষৰ এখন হোটেলৰ কোঠাৰ পৰা কোনো এজন লোকে মোবাইলত আৱদ্ধ কৰিলে শিহৰণকাৰী মুহূৰ্তটো । 

দীৰ্ঘদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলায় অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে শিলঘাট-কামাখ্যা পথত বিচৰণ কৰা লগতে কলিয়াবৰ চাহ বাগিচা অঞ্চলতো আতংকৰ সৃষ্টি কৰি আহিছে (Royal Bengal Tiger at Kaliabor) । ইফালে বাঘ খেদি পঠিয়াবলৈ লোৱা ব‍্যৱস্থা সন্দৰ্ভত মন্তব্য আগবঢ়াই কেবিনেট মন্ত্ৰী কেশৱ মহন্তই(Royal Bengal Tiger at Kaliabor tea garden) । শিলঘাট-কামাখ্যা পথত জনসাধাৰণৰ নিৰাপত্তাৰ বাবে অধিক বনকৰ্মী নিয়োগৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে । কিছুদিনৰ বাবে ডেপুটেশ্যনত অন্য স্থানৰ পৰা বনকৰ্মী আনি নিয়োগ কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী কেশৱ মহন্তই । 

ABOUT THE AUTHOR

...view details