ETV Bharat / state

Prominent person Sonaram Bara passes away: বৰেণ্য ব্যক্তি সোণাৰাম বৰাৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Mar 5, 2023, 6:54 PM IST

শংকৰী‌ সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰাৰ পৰলোক ঘটে ৷ বিশিষ্ট শিক্ষাবিদজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত (Saint of Shankari culture Sonaram Bora) ৷

Prominent person Sonaram Bara
বৰেণ্য ব্যক্তি সোণাৰাম বৰাৰ পৰলোক

ৰহা, 5 মাৰ্চ : ৰহাৰ সমীপৰ তুলসীমুখ নিবাসী শংকৰী সংস্কৃতিৰ সাধক, প্ৰবীণ শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰা (৮৭) ৰ শুকুৰবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে (Sonaram Bora death reason) । বৰেণ্য ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ।

উল্লেখযোগ্য যে, ১৯৩৫ চনৰ ২০ মে'ত তুলসীমুখ কোঁচ গাঁৱত জন্মগ্ৰহণ কৰা বৰাই কৈশোৰ অৱস্থাৰ পৰাই পৰম ব্ৰহ্ম সনাতন শ্ৰীবিষ্ণুৰ একনিষ্ঠ আৰু নিৰৱচ্ছিন্ন আৰাধনা আৰু সাধনাত ব্ৰতী হৈ পৰিছিল ।‌ ইয়াৰ সমান্তৰালকৈ তেখেত আছিল তুলসীমুখ মাধৱদেৱ হাইস্কুলৰ এজন অন্যতম প্ৰতিষ্ঠাপক তথা শিক্ষক ।‌ তেখেত একাধাৰে অসমীয়া আৰু ‌সংস্কৃত ভাষা চৰ্চাবিদ, শিক্ষাবিদ,‌ মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ সাৱলীল ভাঙনি কৰোঁতা তথা সুবক্তা ৷

সোণাৰাম বৰাই প্ৰাঞ্জল ভাষাৰ লালিত্য,‌ যথাবিহিত শব্দসম্ভাৰেৰে ঈশ্বৰৰ বাণীবোৰৰ ভাঙনি কৰিছিল ।‌ অঞ্চলটোত মহাপুৰুষৰ ৰচিত নাট-ভাওনাৰ তেওঁ গুৰি-ধৰোঁতা হিচাপে জনাজাত আছিল ৷ নাট-পৰিচালক তথা নৃত্য-নিৰ্দেশক হিচাপে কাম কৰিছিল তেওঁ ।‌ গায়ন-বায়ন, সূত্ৰধাৰলৈকে সকলোতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল ।

বৰগীত, ঘোষা, সংস্কৃত শ্লোক, লোকগীত পৰিৱেশনৰে তেখেত অঞ্চলটোত সাংগীতিক প্ৰাণ প্ৰতিষ্ঠা কৰিছিল (Saint of Shankari culture Sonaram Bora) ।‌ তাৰোপৰি খোল,‌ তাল, মৃদংগ , বাঁহী, নাগাৰাকে ধৰি প্ৰায় সকলোবোৰ বাদ্যযন্ত্ৰত পাৰ্গত আছিল তেওঁ ৷ তবলা, হাৰমনিয়াম, গগণা, পেঁপা, সুতুলীকে আদি কৰি প্ৰায় ১৭ বিধ‌ সাংগীতিক বাদ্যযন্ত্ৰৰ নিপুণ বাদক আছিল সোণাৰাম বৰা ।‌

সোণাৰাম বৰা অসম সাহিত্য সভাৰ সৈতে আজীৱন জড়িত হৈ আছিল ৷ অসম নাট্য সন্মিলনৰো তেখেত আছিল এক অবিচ্ছেদ্য অংগ । অসম নাট্য সন্মিলনৰ তৰফৰ পৰা "জ্যেষ্ঠ শিল্পী বঁটা" ৰে বৰাক বিভূষিত কৰা হৈছিল । ইয়াৰোপৰি পূবেৰুণ কলা পৰিষদ, অসম‌‌ সাহিত্য সভাৰ তুলসীমুখ শাখাৰ‌ সভাপতি আৰু সম্পাদক,‌ মনচুন কলা পৰিষদ, অসম সাহিত্য সভাৰ দক্ষিণপাট শাখাৰ সম্পাদকৰ আসনো শুৱনি কৰিছিল তেখেতে ।

বৰাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান, দল- সংগঠনৰ নেতৃবৃন্দ‌ই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে (Namacharya Sonaram Bara of raha) । মৃত্যুৰ সময়ত বৰাই দুই পুত্ৰ,কন্যাৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় (Sonaram Bora death news) । উল্লেখযোগ্য যে, জীৱনৰ সুদীৰ্ঘ সময় শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা প্ৰয়াত বৰাৰ শিক্ষানুৰাগ আৰু শিক্ষকতাক ন-পুৰণি ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে স্মৰণ কৰিছে (prominent person Sonaram Bara passes away) ।

লগতে পঢ়ক : Sexual Harresment case in Sivasagar : শিৱসাগৰৰ নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.