অসম

assam

ATM Fraud in Karimganj: প্ৰৱঞ্চকক উত্তম-মধ্যম সোধাই আৰক্ষীক গটালে ৰাইজে

By

Published : Aug 8, 2022, 10:35 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

চিচি টিভি কেমেৰাত ধৰা পৰিল এটিএম প্ৰতাৰকৰ ছবি । কেমেৰাত আবদ্ধ ফুটেজৰ ভিত্তিত এটিএম প্ৰতাৰকক চিনাক্ত কৰি ৰাইজে উত্তম-মাধ্যম দি গতাই দিলে আৰক্ষীক (Fraud caught by public in Karimganj)। ঘটনাটো কৰিমগঞ্জৰ নিলামবজাৰৰ (ATM Fraud in Karimganj)। ধৃত প্ৰতাৰকৰ নাম আইনুল হক । আইনুলৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বাৰইগ্ৰাম এলেকাত । নিলামবজাৰ এলেকাৰ আলমখানি গাঁওৰ আব্দুল হাছিব নামৰ ব্যক্তিজন যোৱা শনিবাৰে এটিএমৰ পৰা টকা আনিবলৈ যোৱাৰ সময়তে দুই যুৱকে এটিএম কাৰ্ডখন ভালকৈ লগোৱা হোৱা নাই বুলি সহায়ৰ নামত নিমিষতে সলনি কৰিছিল এটিএম কাৰ্ড । দেওবাৰে আব্দুল হাছিবৰ এটিএম কাৰ্ডৰ জৰিয়তে 20 হেজাৰ টকা তুলি নিয়ে দুৰ্বৃত্তৰ দলটোৱে । অৱশেষত চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত এগৰাকী প্ৰতাৰকক চিনাক্ত কৰিবলৈ সক্ষম হয় স্থানীয় লোকে ।
Last Updated :Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details