অসম

assam

Flood in Assam : বানৰ কবলত টিফুক চাহ বাগিচা, বাঢ়নী পানীত ডুব গ’ল ঘৰ দুৱাৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 1:12 PM IST

বানৰ কবলত টিফুক চাহ বাগিচা

আমগুৰি, 7 অক্টোবৰ: শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচাত কৃত্ৰিম বানৰ তাণ্ডৱ । আমগুৰিৰ বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত টিফুক চাহ বাগিচাৰ শ্ৰমিক ৰাইজ বৰ্তমান বাঢ়নী পানীৰ কবলত । যোৱা নিশা হোৱা এজাক বৰষুণতেই সৃষ্টি হৈছে এই বাঢ়নী পানীৰ । বছৰ বছৰ ধৰি এনে পৰিস্থিতিৰ সন্মুখীন হৈ অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ । 

উল্লেখ্য যে, নগা পাহাৰৰ পাদদেশত অৱস্থিত টিফুক চাহ বাগিচাত হালোৱাটিং আৰু গেলেকী সংযোগী পথত এটা কালভাৰ্ট নোহোৱাৰ বাবেই বৰষুণৰ পানী বাগিচাখনৰ ভিতৰত প্ৰবেশ কৰাৰ লগতে ঘৰবোৰতো সোমাই স্থানীয় লোকক হাৰাশাস্তি দিয়ে । এনে লেতেৰা পানী তিনি চাৰিদিন পৰ্যন্ত আৱদ্ধ হৈ থকাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়। 

এই বিষয়ে জিলা উপায়ুক্তক লিখিত আবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । সেইদৰে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকায়ো বিষয়টো সন্দৰ্ভত অনীহা প্ৰদৰ্শন কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন ।

লগতে পঢ়ক:Nimati Majuli ferry service : নিমাতী মাজুলী জলপথত পুনৰ লেচীৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা

ABOUT THE AUTHOR

...view details